• বিমানবন্দৰতে ডুবিল জেকলিনৰ ডুবাই ফ্লাইট!

    মনোৰঞ্জন
    বিমানবন্দৰতে ডুবিল জেকলিনৰ ডুবাই ফ্লাইট!

    ডিজিটেল ডেস্ক: ৰীল লাইফৰ চকুপানী অতিশীঘ্ৰেই ৰীয়েল লাইফত আহিব বলীউডৰ আৱেদনময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ! এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে লাহে লাহে জাল চপাই আনিছে জেকলিনৰ ফালে। ২০০কোটিৰ জালিয়াতিৰ গোচৰত তিহাৰ জে’লত বন্দী হৈ থকা প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ পৰা ১০ কোটি টকাৰ উপহাৰ জেকলিনে লোৱা বুলি চাৰ্জশ্বীটত প্ৰকাশ কৰিছে ইডি-এ। ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত ইডি-এ দিল্লীৰ এখন আদালতত দাখিল কৰিছে চাৰ্জশ্বীট। চন্দ্ৰশেখৰে এটা ব্যৱসায়ী দম্পতীৰ পৰা ২০০কোটি টকা বলপূৰ্বকভাৱে আদায় কৰা বুলি অভিযোগ উঠিছিল আৰু এই গোচৰতে পত্নীসহ তেওঁ বন্দী হ’বলগীয়া হৈছিল তিহাৰ জে’লত। এইবাৰ ডুবাইলৈ ওলোৱা জেকলিনক বিমানবন্দৰতে আৱদ্ধ কৰিলে ইডি-এ।









    দেওবাৰে মুম্বাই বিমান বন্দৰত ডুবাই অভিমুখী যাত্ৰাকালত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক আৱদ্ধ কৰি জেৰা চলায়।এক ধনদাবীৰ গোচৰত নাম সাঙোৰ খোৱা জেকলিনক এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে বিদেশ ভ্ৰমণত বাধা আৰোপ কৰে। ২০০কোটিৰ জালিয়াতিৰ গোচৰত অভিযুক্ত প্ৰৱঞ্চক চন্দ্ৰশেখৰৰ সৈতে থকা সম্পৰ্কৰ বাবে জেকলিনক বিগত ছমাহত ইডি-এ কেইবাবাৰো প্ৰশ্ন কৰিছে। ইডি-এ আদালতক জনোৱা অনুসৰি প্ৰবঞ্চক চন্দ্ৰশেখৰে জেকলিনৰ আত্মীয়লৈও বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰিছিল। ইডি-এ চাৰ্জশ্বিটত উল্লেখ কৰা অনুসৰি এইজন প্ৰৱঞ্চকে জালিয়াতিৰে সংগ্ৰহ কৰা ধনৰ কিছু অংশ জেকলিনৰ ডুবাইত থকা বেংক একাউণ্টলৈ পঠাইছে।দেওবাৰে জেৰাৰ অন্তত এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে জেকলিনক দেশ এৰি নাযাবলৈ আৰু পৰৱৰ্তী অনুসন্ধান প্ৰক্ৰিয়াত উপস্থিত থাকিবলৈ কয়।