• ব্ৰেড-বাটাৰ দেখি ৰ’ব পৰা নাই কৰীণাই, খাদ্যৰ জুটি লওঁতেই পাহৰি গ’ল সকলো...

    মনোৰঞ্জন
    ব্ৰেড-বাটাৰ দেখি ৰ’ব পৰা নাই কৰীণাই, খাদ্যৰ জুটি লওঁতেই পাহৰি গ’ল সকলো...

    নতুন দিল্লীঃ বলীউড বক্স অফিচৰ ৰাণী কৰীণা কাপুৰ এতিয়াও আগৰ দৰেই আছে। এটা দশক পূৰ্বৰ কৰীণা আৰু এতিয়াৰ কৰীণাৰ মাজত যেন বৰ বেছি পাৰ্থক্য নাই। বয়স ৰৈ নাথাকিলেও চিৰসেউজ কৰীণাৰ সৌন্দৰ্যৰ গোপন ৰহস্যৰ বিষয়ে ইতিমধ্যে সকলোৱে জ্ঞাত। খাদ্য নিয়ন্ত্ৰণ বা ডায়েটেই হৈছে কৰীণাৰ সৌন্দৰ্যৰ মূল কাৰণ। তেওঁ যিদৰে আহাৰ গ্ৰহণ কৰে তেনেদৰে প্ৰিয় অনুৰাগীসকলকো খাদ্য গ্ৰহণৰ ক্ষেত্ৰত বিভিন্ন নিয়মাৱলী অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে অভিনেত্ৰীগৰাকীয়ে। পাছে এইবাৰ ব্যতিক্ৰমী ৰূপত কৰীণা। প্ৰিয় খাদ্য কাষত পাই মুহূৰ্ততে পাহৰি গ’ল ডায়েটৰ কথা। ব্ৰেড-বাটাৰ দেখি টোপাটোপে জিভাৰ পানী পৰিল কৰীণাৰ। উল্লেখ্য যে, কৰীণাই সোমবাৰে নিজৰ ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছিল।





    ছবিখনত মাখন আৰু ময়দাৰে তৈয়াৰী ক্ৰছিয়েণ্ট নামৰ এবিধ ব্যঞ্জন খাই থকা দেখিবলৈ পোৱা গৈছে কৰীণাক। ছবিৰ শিৰোনামত কৰীণাই লিখিছে, ‘বছৰৰ প্ৰথমটো সোমবাৰ স্বাস্থ্যকৰ খাদ্যৰে আৰম্ভ কৰাৰ কথা আছিল। কিন্তু ক্ৰছিয়েণ্ট দেখি ৰ’ব পৰা নাই। ’ ইয়াৰোপৰি নতুন বছৰটো সকলোকে উদযাপন কৰিবলৈও আহ্বান জনায় বলীউড সুন্দৰীয়ে। তেওঁ কয়, ‘আপোনাৰ মনটোৱে যিদৰে বিচাৰে তাকে কৰক। এইটো নতুন বৰ্ষ ২০২২। বছৰটো সম্পূৰ্ণৰূপে উপভোগ কৰক।’ ইফালে, আৰু কিছুদিন পাছতে কৰীণা কাপুৰৰ নতুন ছবি ‘লাল সিং চাড্ডা’ ছবিগৃহ পাবহি। ছবিখন হলীউড চলচ্চিত্ৰ ‘ফ’ৰেষ্ট গাম্প’ৰ কাহিনীৰ ওপৰত আধাৰিত। আমিৰ খানে ছবিখনত মূল নায়কৰ চৰিত্ৰত অভিনয় কৰিছে। কৰীণা-আমিৰ যুটিৰ এইখন তৃতীয় ছবি।