• ভাল-খবৰ: ইণ্ডিয়ান পেনোৰামাৰ প্ৰতিযোগিতাত প্ৰৱেশ অসমীয়া ছবি

    মনোৰঞ্জন
    ভাল-খবৰ: ইণ্ডিয়ান পেনোৰামাৰ প্ৰতিযোগিতাত প্ৰৱেশ অসমীয়া ছবি

    লখিমপুৰ : ইংৰাজী নৱবৰ্ষৰ পহিলা ভাগতে অসমৰ ছবি জগতলৈ আহিছে এটা ভাল খবৰ৷ এইবাৰ আন্তৰ্জাতিক পৰ্যায়ত উজলি উঠিছে এখন অসমীয়া ছবি৷ কৃপাল কলিতা পৰিচালিত 'ব্ৰিজ' নামৰ চিনেমাখনে অসমীয়া চিনেমালৈ কঢ়িয়াই আনিছে এটা পাছত আনটো সন্মান৷ এইবাৰ ৫১ সংখ্যক ইণ্ডিয়ান পেনোৰামাৰ মূল প্ৰতিযোগিতাত প্ৰৱেশ কৰিছে অসমীয়া ছবি ‘ব্ৰীজ’-এ৷





    আৰু পঢ়িব পাৰিব :জ’ বাইডেনৰ বিজয়ত মাৰ্কিন কংগ্ৰেছৰ আনুষ্ঠানিক মোহৰ





    দেশ-বিদেশৰ ১৫ খন ছবিৰ মাজত স্থানলাভ কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়়িয়াই আনিছে ছবিখনে৷ সমগ্ৰ ভাৰত বৰ্ষৰ ভিতৰত স্থান পোৱা তিনিখন ছবিৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ছবি 'ব্ৰীজ'ৰ বাবে উৎফুল্লিত হৈছে ছবিখনৰ পৰিচালক৷





    আৰু পঢ়িব পাৰিব :‘মোৰ বুকু ভাগি গৈছে, তাক একেবাৰে মাৰি পেলাওক…’ এগৰাকী মাতৃৰ বিননি





    কৃপাল কলিতা পৰিচালিত ছবিখনৰ মূল পাঁচটা চৰিত্ৰৰ তিনিটা চৰিত্ৰতে অভিনয় কৰিছে লখিমপুৰৰ তিনিগৰাকী সন্তানে৷ ইয়াৰ পূৰ্বে অসমীয়া ভাষাৰ ‘ভিলেজ ৰকষ্টাৰ’ আৰু ‘অদাহ্য’ইহে এই বিৰল সন্মান লাভ কৰিছিল৷ অন্যহাতে অহা ১৬ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে গুৱাহাটীত অনুষ্ঠিত হ'বলগা আন্তজাতিক ছবি মহোৎসৱতো 'ব্ৰীজ' –এ স্থান পাবলৈ সক্ষম হৈছে৷