স্বাস্থ্য
ডিজিটেল ডেস্ক: ভোগৰ উৎসৱ ভোগালীত সুস্বাদু ব্যঞ্জন, পিঠা-পনা তৈয়াৰ কৰাত ব্যস্ত এতিয়া অসমীয়া৷ নানা প্ৰকাৰৰ পিঠা-পনা, জলপানেৰে এতিয়া ভৰপূৰ প্ৰত্যেকৰে আখল৷ দৈ-চিৰা জলপান, তিলপিঠা, ঘিলাপিঠাৰ উপৰি চুঙাপিঠা মাঘবিহুৰ বিশেষ আকৰ্ষণ৷ অতি সহজতে তৈয়াৰ কৰিব পৰা চুঙাপিঠাৰ এক বিশেষ ৰেচিপি হৈছে :
চচপেনৰ চুঙাপিঠা :
ইয়াৰ বাবে আপোনাক লাগিব
জহা চাউলৰ পিঠাগুড়ি (ডেৰ কাপ),
ৰুকা নাৰিকল (২ টেবুল চামুচ),
চেনি (এচামুচ),
ঘিউ (এচামুচ),
নিমখ (এচিকুট)
পানী (আধা কাপ),
সৰু বাঁহৰ চুঙা (দুয়োফালে গাঁঠি নথকা এটা)
প্ৰস্তুত প্ৰণালীঃ
এটা পাত্ৰত একেলগে পিঠাগুড়ি, চেনি, নাৰিকল ৰুকা, ঘিউ আৰু নিমখ মিহলাই ল’ব। পানীৰে পিঠাগুড়ি মোহাৰি মুঠিৰ দৰে কৰি ল’ব৷ বাঁহৰ চুঙাটো প্ৰথমে এটা মুখ কলপাতে মেৰিয়াই বান্ধি আনফালে চুঙাত পিঠাগুড়ি ভৰাই একেদৰে কলপাতে মেৰিয়াই বান্ধি লৈ গৰম লোহাৰ কেৰাহীত ঢাকোন মাৰি দিয়ক। প্ৰায় ১৫-২০ মিনিট ৰাখি দিয়াৰ পাছতে চুঙাপিঠা তৈয়াৰ হৈ পৰিব। চুঙা নাথাকিলে একে মিশ্ৰণ যিকোনো কাপত জৰিয়তেও বনাব পাৰে। অৱশেষত গোল গোল টুকুৰা কৰি আপ্যায়ন কৰক গাখীৰ আৰু গুড়ৰ সৈতে।
Leave A Comment