• মোষ্ট ৱাণ্টেডৰ আলৈ-আথানি, কেটৰিনাৰ হৃদয়ত নহয় হোটেলতো স্থান নাই ছল্লু ভাইৰ

    মনোৰঞ্জন
    মোষ্ট ৱাণ্টেডৰ আলৈ-আথানি, কেটৰিনাৰ হৃদয়ত নহয় হোটেলতো স্থান নাই ছল্লু ভাইৰ

    নতুন দিল্লীঃ কেটৰিনা -বিকিৰ বিবাহৰ দিন চমু চাপি আহিছে। চাওঁতে চাওঁতে কেলেণ্ডাৰত টুকুৰিয়াইছে ডিচেম্বৰে। আৰু মাত্ৰ কেইদিনমানৰ পাছতে বলীউড সুন্দৰী কেটৰিনা ৰে ঘৰ পাতিব বিকি কৌশলে। জানিবলৈ পোৱা মতে, বিয়াখনৰ যাৱতীয় সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিয়াৰ স্থান, পোছাক সকলো সময়মতে ঠিক হৈছে। তিনিদিন ধৰি অভ্যৰ্থনা অনুষ্ঠানো অনুষ্ঠিত হ’ব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কেটৰিনা-বিকিৰ বিবাহত উজলি উঠাৰে আশা কৰিছে ৰাজস্থানৰ ৰণথম্বো চহৰ। বলীউডৰ বহু ষ্টাৰ-ছুপাৰষ্টাৰৰ সমাৱেশত মুখৰ হৈ পৰিব ডিচেম্বৰৰ সন্ধ্যা। তাৰ বাবেই যেন অন্তহীন অপেক্ষা চলচ্চিত্ৰপ্ৰেমীৰ।









    বিয়াখন বিলাসী ৰিজ’ৰ্ট ‘ছিক্স ইন্দ্ৰিয়’ত অনুষ্ঠিত হ’ব। বিয়ালৈ আমন্ত্ৰণ জনোৱা অতিথিসকলক ইতিমধ্যে কাৰ্ড বিতৰণ কৰা হৈছে। কেটৰিনাৰ ‘প্ৰাক্তন প্ৰেমিক’ ছলমান খানেও বিয়াখনত উপস্থিত থাকিব বুলি জনাইছে। কিন্তু ক্ষণিকৰ বাবেহে উপস্থিত হ’ব ছলমান খানে। সম্পূৰ্ণ বিবাহ অনুষ্ঠানত থকাৰ কথা নাই ভাইজানৰ। বিশেষ সূত্ৰৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, তাৰকা যুটিৰ বিয়াৰ বাবে ইতিমধ্যে ৪৫খন হোটেল বুক কৰা হৈছে। বলীউড আৰু টলীউডৰ বহুতো চেলিব্ৰিটী তেওঁলোকৰ পৰিয়ালৰ সৈতে কেটৰিনাৰ বিয়ালৈ অহাৰ কথা আছে, সেইবাবে ইমান কেইখন হোটেল বুক কৰিছে কেট সুন্দৰীয়ে। বিয়াৰ স্থানৰ পৰা আদি কৰি কেটৰিনাৰ লেহেংগাৰ খবৰেও ভাৰতীয় সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছিল। এইবাৰ আকৌ কেটৰিনাৰ বিয়াত কেইখন হোটেল বুক কৰা হৈ তাকে লৈ চলিছে চৰ্চা।