• শুভলগনঃ কইনাৰ বেশত মোহময়ী অভিনেত্ৰী কৃতি ছেনন

    মনোৰঞ্জন
    শুভলগনঃ কইনাৰ বেশত মোহময়ী অভিনেত্ৰী কৃতি ছেনন

    মুম্বাই: কইনাৰ বেশত দেখা গ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী কৃতি ছেননক৷ ৰঙা লেহেংগা পৰিধান কৰি অপূৰ্ব সৌন্দৰ্যৰ অধিকাৰী হৈছে অভিনেত্ৰীগৰাকী৷ ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ ফটো৷ নিজৰ আকৰ্ষণীয় ফটোৰে ছ’চিয়েল মিডিয়াত কঁপনি তোলা বলীউডৰ অভিনেত্ৰী কৃতি ছেননক দেখা গ’ল কইনাৰ সাজত৷





    মনীষ মালহোত্ৰাৰ ফেশ্বনত ডিজাইনৰ জৰিয়তে ছ’চিয়েল মিডিয়া কঁপালে কৃতিয়ে। মনীষ মালহোত্ৰাই ডিজাইন কৰা ৰঙা লেহেংগাই আকৃষ্ট কৰে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলক৷ বিবাহৰ বতৰত মালহোত্ৰাই ডিজাইন কৰা লেহেংগাৰ পৰিধান কৰি ফটো শ্বুট কৰে কৃতিয়ে।





    শেহতীয়াকৈ নুৰানিয়াত - ‘দ্য ব্ৰাইডাল ২০২১’ এইদৰে কইনাৰ সাজত দেখা গ’ল মোহময়ী কৃতিক৷ বিবাহৰ পৰাম্পৰাগত সাজ-পাৰত অত্যন্ত মোহময়ী আৰু আকৰ্ষণীয় ৰূপৰ বাবে কৃতিক প্ৰশংসা কৰিছে বহুজনে৷