• সুশান্তৰ মৃত্যুৰ ডেৰ বছৰৰ পাছত মুখ খুলিলে পুত্ৰই !

    মনোৰঞ্জন
    সুশান্তৰ মৃত্যুৰ ডেৰ বছৰৰ পাছত মুখ খুলিলে পুত্ৰই !

    মুম্বাই : প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুটক সুঁৱৰিছে তেওঁৰ অনস্ক্ৰীণ পুত্ৰই৷ সুশান্তই অভিনয় কৰা জনপ্ৰিয় 'ছিচ্চৰে' ছবিখনৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ দিনা ছবিখনত সুশান্তৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰা মহম্মদ ছামাডে স্মৰণ কৰি আৱেগিক হৈ উঠে৷





    ছিচ্চৰে ছবিখনত পুত্ৰৰ চৰিত্ৰত অভিনয় কৰা মহম্মদে কয় যে, সুশান্ত সিং ৰাজপুটে যিদিৰে অনস্ক্ৰীণ পুত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল অফস্ক্ৰীণো তেওঁৰ নিজৰ পুত্ৰৰ দৰেই ব্যৱহাৰ কৰিছিল৷ লগতে মহম্মদে কয় যে, ‘যিখিনি সময়ত তেওঁৰ লগত আছিলো, মই যথেষ্ট ভাল পাইছিলো আৰু তেওঁৰ সৈতে কথা পাতি আনন্দ লাভ কৰিছিলো৷ মই তেওঁৰ পৰাই অভিনয়ৰ কৌশল আয়ত্ত কৰিছিলো৷ মোক ১৮ বছৰ বয়সতে খুব সুন্দৰকৈ অভিনয়ৰ বিষয়ে বুজাইছিল৷’





    নিটিশ তিৱাৰীৰ পৰিচালনাৰ ছিচ্চৰে ছবিখনত সুশান্ত সিঙে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল৷ ইয়াৰ পাছতে ২০২০চনৰ ১৪জুনত আত্মহত্যা কৰে অভিনেতাগৰাকীয়ে৷ সুশান্তৰ মৃত্যুৰ পূৰ্বে অভিনয় কৰিছিল 'দিল বেচ্চাৰা' ছবিখনত৷