• হলীউডত প্ৰযোজনাৰ ক্ষেত্ৰত প্ৰথমটো খোজ দিপীকা পাডুকনৰ

    মনোৰঞ্জন
    হলীউডত প্ৰযোজনাৰ ক্ষেত্ৰত প্ৰথমটো খোজ দিপীকা পাডুকনৰ

    মুম্বাই : বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দিপীকা পাডুকনক পুনৰ দেখা যাব হলীউডৰ ছবিত। দ্বিতীয়খন হলীউডৰ ছবিৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে মোহময়ী দিপীকাই। দিপীকাৰ প্ৰথমখন হলীউডৰ ছবি আছিল ছুপাৰষ্টাৰ ভিন ডিজেলৰ সৈতে XXX:RETURN OF XANDER CAGE।





    এইবাৰ দিপীকাৰ দ্বিতীয়খন ছবি হ’ব ভিন্ন সংস্কৃতি কেন্দ্ৰিক এখন ৰোমান্তিক কমেদী। STX FILMS-এ ছবিখন নিৰ্মাণ কৰিব। গুৰুত্বপূৰ্ণ যে ছবিখনৰ সহপ্ৰযোজক হিচাপে থাকিব দিপীকাও। গতিকে, ছবিখন হ’ব হলীউডত অভিনেত্ৰীগৰাকীৰ প্ৰযোজক হিচাপেও প্ৰথমটো খোজ।





    ছবিখনৰ শ্বুটিং হ’ব ভাৰতৰ লগতে আমেৰিকাতো। দিপীকাৰ অনুৰাগীসকলে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ হলীউড ছবিখনলৈ।