Sci & Tech
মুম্বাই : বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী য়ামী গৌতমলৈ চমন জাৰি কৰিছে এনফৰ্চমেন্ট ডিৰেক্টৰৰ চমুকৈ ইডিয়ে। তদন্তকাৰী সংস্থাটোয়ে অভিনেত্ৰীগৰাকীক অহা সপ্তাহত মুম্বাইৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছে।
য়ামী গৌতমৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। অহা সপ্তাহত মুম্বাইৰ EDৰ কাৰ্যালয়ত জেৰা হ’ব পাৰে য়ামী গৌতমৰ। বিদেশী মুদ্ৰা বিনিময় সংক্ৰান্তীয় অভিযোগত য়ামী গৌৰমক জেৰা কৰাৰ সম্ভাৱনা। ৭ জুলাইত অভিনেত্ৰীগৰাকীৰ জবানবন্দী কৰা হ’ব পাৰে।
বলীউডৰ হিট্ ছবি বিকি ড’নাৰ, বদলাপুৰ, কাবিল ছবিত অভিনয় কৰি অনুৰাগীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল য়ামী গৌতম। উৰি দ্য চাৰ্জিকেল ষ্টাইকত য়ামী গৌতমে অনন্য অভিনয় কৰিছে। ৪ জুনত বিয়াৰ পাছত বৃহস্পতিবাৰে পুনৰ শ্বুটিং আৰম্ভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।
Leave A Comment