স্বাস্থ্য
ডিজিটেল ডেস্ক: ‘ডিম্পল কুইন’ৰ আজি জন্মদিন৷ ইনষ্টাগ্ৰাম, টুইটাৰত ভৰিছে শুভেচ্ছাৰ দীঘলীয়া শাৰী৷ বহু যুৱকৰ হৃদয়ত খলকনি তোলা বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ আজি ৩৬ বছৰত সম্পূৰ্ণ হ’ল৷ মাজনিশাৰেপৰা দীপিকাক শুভেচ্ছাৰে উপচাই পেলাইছে বহু তাৰকা-অনুৰাগীয়ে৷ বলীউড জগতৰ এগৰাকী কঠোৰ পৰিশ্ৰমী তথা অসাধাৰণ দীপিকাই অশেষ কষ্টৰে আজিৰ শীৰ্ষ স্থানীয় মহিলা অভিনেত্ৰীৰ শাৰীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷
চলচ্চিত্ৰ উদ্যোগত দীপিকাৰ ১৪ বছৰীয়া কেৰিয়াৰত ওম শান্তি ওম, বাজিৰাও মস্তানি, য়ে জাৱানী হে দিৱানী, পিকু, তামাচা, ছপাক, পদ্মাৱত, চেন্নাই এক্সপ্ৰেছকে ধৰি শেহতীয়াকৈ মুক্তি লাভ কৰা ৮৩টো অভিনয়েৰে মোহিত কৰিছে লাখ লাখ অনুৰাগীক৷
কেৱল অভিনয়ৰ ক্ষেত্ৰতে নহয় দীপিকাক বহু সময়ত দেখা যায় এগৰাকী দায়িত্বশীল নাৰীৰ ৰূপতো৷ যিসময়ত দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে নিশা প্ৰতিবাদ সাব্যস্ত কৰিছিল, সেই সময়ত দীপিকাত অত্যন্ত দায়িত্বশীল এগৰাকী নাৰীৰ ৰূপত ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় হোৱা দেখা গৈছিল৷ সদায় এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা বলীউড অভিনেতা ৰণবীৰ সিঙৰ পত্নী দীপিকাক প্ৰায়ে ছ’চিয়েল মিডিয়াত এক সুখী জীৱন-যাপনৰ অৱস্থাত দেখিবলৈ পোৱা যায়৷ শেহতীয়াকৈ মুক্তিলাভ কৰা ‘৮৩’ ছবিখনতো দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল জনপ্ৰিয় যুটিটোক৷ তেওঁলোকে অভিনয় কৰা কেইবাখনো ছবিয়ে ইতিমধ্যে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে৷
এগৰাকী টেনিছ খেলুৱৈ হিচাপেও ভাল প্ৰদৰ্শন দেখুওৱাবলৈ সক্ষম হৈছিল অভিনেত্ৰীগৰাকীয়ে৷
তেওঁৰ ৩৫সংখ্যক জন্মদিনত, দীপিকা পাডুকনে তেওঁৰ অনুৰাগীসকলৰ বাবে দিয়ে এক বিশেষ পোষ্ট৷ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি ‘গেহৰিয়ান’ৰ পৰা কিছু নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছিল। এখন পোষ্টাৰত দীপিকা পাডুকনক সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে দেখা গৈছে। ইয়াৰ উপৰি দীপিকাই প্ৰচাৰ কৰা আন পোষ্টাৰসমূহতো অনন্যা পাণ্ডে আৰু ধৈৰ্য কাৰৱাকো দেখা গৈছে৷ পোষ্টাৰ শ্বেয়াৰ কৰি বাৰ্থডে গাৰ্লে লিখে, “আপুনি আমাক দিয়া সকলো প্ৰেমৰ বাবে জন্মদিনৰ অলপ উপহাৰ।” অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ সংশোধিত মুক্তিৰ দিনো ঘোষণা কৰিছিল।
আগতে ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া ছবিখন এতিয়া ১১ ফেব্ৰুৱাৰীত অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ’ত প্ৰদৰ্শিত হ’ব।
Leave A Comment