আন্তঃৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : ছ’নী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' কৌন বনেগা কৌড়পতি ১৩-ত উজলিল এগৰাকী কণমানি অসম কন্যা। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৫০ লাখ টকা জিকিলে ১৪ বছৰীয়া ৰাজনন্দিনী কলিতাই। বিগ বি অমিতাভ বচ্চনে আঁত ধৰা কুইজ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৰাজনন্দিনী কলিতাই মোহিত কৰে বহু দৰ্শককো৷
গুৱাহাটী ৰাজনন্দিনীৰ তত্ত্বগধুৰ ভাষণত আকৰ্ষিত হৈ অমিতাভ বচ্ছনে কয় যে, “চৈধ্য বছৰ বয়সত এনেকুৱা ভাষণ দিয়া, যিটো বিশিষ্ট-বিশিষ্ট শীৰ্ষ ৰাজনৈতিক নেতায়ো দিব নোৱাৰে৷”
অমিতাভ বচ্চনে ৰাজনন্দিনীক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত জীৱনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।
জীৱনৰ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন পুহি ৰখা ৰাজনন্দিনী নলবাৰীৰ দহকাউনীয়া গাঁৱৰ নিবাসী হেমন্ত কুমাৰ কলিতা আৰু ৰীতামণি কলিতাৰ দ্বিতীয় কন্যা৷ ৰাজনন্দিনী বৰ্তমান গুৱাহাটী ছাউথ পইণ্ট স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী৷
Leave A Comment