• ৰংঘৰৰ বাকৰিত সম্প্ৰীতিৰ অপূৰ্ব সমাহাৰ : প্ৰতিফলিত ৰাজকীয় পৰম্পৰা

    মনোৰঞ্জন
    ৰংঘৰৰ বাকৰিত সম্প্ৰীতিৰ অপূৰ্ব সমাহাৰ : প্ৰতিফলিত ৰাজকীয় পৰম্পৰা

    শিৱসাগৰ : জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিত আজি জীপাল হৈ পৰিছে ৰংঘৰৰ চোতল৷ বিহু নৃত্য,আও নগাসকলৰ যুদ্ধ নৃত্য, দেউৰী বিহু, হৰিণ নৃত্য, তিৱা নৃত্য আৰু মিচিং জনগোষ্ঠীয় ঐনিতমৰে মুখৰিত হৈ পৰিছে শিৱসাগৰৰ ৰংঘৰ বাকৰি।





    আৰু পঢ়িব পাৰিব : ছিণ্ডিকেট বন্ধৰ হুংকাৰ দিয়া বিজেপি চৰকাৰে গৰুৰ চোৰাং বেহা বন্ধ কৰিব পাৰিব নে?





    টাই আহোম যুৱ পৰিষদে আয়োজন কৰা ৰংঘৰৰ ৰংপুৰ মেলাত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ চিত্ৰপটৰ লগতে স্বৰ্ণিল ঐতিহ্যৰ লগত নতুনক পৰিচয় কৰি দিয়াৰ প্ৰয়াস কৰি আহিছে৷ ৰংপুৰ মেলাত কড়ি খেল, ঢোপ খেল, ঘিলা খেলত সাৰ পাই উঠিল ঐতিহ্য আৰু ৰজাদিনীয়া পৰম্পৰা।





    আৰু পঢ়িব পাৰিব : ভোগালীৰ আনন্দৰ মাজতেই চোৰে লুটিলে এটা পৰিয়ালৰ সৰ্বস্ব





    মাঘৰ প্ৰথম পুৱাতে টাইপাৰ পতাকা উত্তোলন আৰু মৈদাম তৰ্পণেৰে আৰম্ভ হোৱা ৰংপুৰ মেলাত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ পহিলা মাঘৰ দিনাখনেই ৰংঘৰৰ চোতালত সুৰীয়া সাংস্কৃতিক পৰিৱেশত নিজকে বিলীন কৰি দিলে ৰংপুৰীয়াই৷





    আৰু পঢ়িব পাৰিব : উৰুকাৰ দিনাই ভাৰত-ভূটান সীমান্তত হিংসাত্মক ঘটনা





    উল্লেখ্য যে ১৬৯৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰূদ্ৰ সিংহই নিৰ্মাণ কৰা ৰংপুৰ নগৰতে ১৭৪৬-৫৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বৰ্তমানৰ আটকধুনীয়া ৰংঘৰ। এছিয়াৰ প্ৰথম পেভেলিয়ন খ্যাত এই ৰংঘৰৰ পৰাই আহোম স্বৰ্গদেউসকলে উপভোগ কৰিছিল শেন-কনুৱাৰ যুঁজ, বাঘ-ঘোঙৰ যুঁজ, ম'হ যুঁজকে ধৰি বিভিন্ন খেল-ধেমালি। উপভোগ কৰিছিল কড়ি-ঢোপকে ধৰি বৰ্তমান বিলুপ্তপ্ৰায় খেলসমূহো। আনহাতে গছ তলৰ পৰা বিহুক আনি ৰংঘৰৰ চোতালতেই ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আহোম স্বৰ্গদেউসকলে।