North East
নতুন দিল্লী : বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ দেহত ধৰা পৰিছে কৰ'না ভাইৰাছৰ উপস্থিতি৷ ৰণবীৰ কাপুৰৰ মাতৃ, প্ৰবীণ অভিনেত্ৰী নীতু কাপুৰে কিছু মুহূৰ্তৰ আগত ছ’চিয়েল মিডিয়াত এই কথা নিশ্চিত কৰে৷
আৰু পঢ়িব পাৰিব :হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ব্লু-প্ৰিণ্ট ! গ্ৰেপ্তাৰ আলোচনাপন্থী আলফা নেতা
তেওঁ পোষ্টটোত লিখে যে, তেওঁৰ সন্তানে ক'ভিড-১৯ৰ পৰীক্ষা কৰিছিল আৰু তাত তেওঁ পজিটিভ বুলি ধৰা পৰিছে৷ লগতে তেওঁ এইবুলিও লিখে যে, ৰণবীৰ বৰ্তমান তেওঁ ঘৰত নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিছে আৰু সকলো সাৱধানতা অনুসৰণ কৰিছে৷
আৰু পঢ়িব পাৰিব :জেইই মেইনৰ ফলাফল ঘোষণা, ৬জন পৰীক্ষাৰ্থীয়ে লাভ কৰিলে ১০০ নম্বৰ
লগতে প্ৰয়োজনীয় চিকিৎসাও কৰি আছে৷ ইয়াৰ আগতে, ৰণবীৰৰ খুৰা ৰধীৰ কাপুৰে এটা নিউজ প’ৰ্টেলক জনাইছিল যে ৰণবীৰ কাপুৰ কিছুদিনৰ পৰা শাৰীৰিক অসুস্থাতাত ভুগিছিল আৰু তেওঁৰ ৰোগৰ লক্ষণবোৰ দেখি কৰ'না টেষ্টৰ বাবে পৰামৰ্শ আগবঢ়াইছিল, য'ত তেওঁ পজিটিভ বুলি ধৰা পৰিছে৷
Leave A Comment