• ৰাখীবন্ধনত ভাতৃ সুশান্ত সিং ৰাজপুতক সুঁৱৰি আৱেগিক ভগ্নী স্বেতা

    মনোৰঞ্জন
    ৰাখীবন্ধনত ভাতৃ সুশান্ত সিং ৰাজপুতক সুঁৱৰি আৱেগিক ভগ্নী স্বেতা

    মুম্বাই: জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত যদিও এই পৃথিৱীত নাই তথাপি তেওঁৰ অনুৰাগীয়ে তেওঁক প্ৰতিমুহূৰ্ততে মনত ৰাখিছে। ছ'চিয়েল মিডিয়াত সাধাৰণতে সুশান্ত সিং ট্ৰেণ্ডত থাকে। অভিনেতাজনৰ অনুৰাগীয়ে প্ৰায়ে তেওঁৰ পুৰণি ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰে। অভিনেতা জনৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে প্ৰায়ে ভায়েকৰ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰে আৰু স্বৰ্গীয় ভায়েকক কিমান মনত পৰে তাক ব্যক্ত কৰে। শ্বেতাই বহুবাৰ সুশান্তৰ এনে কিছুমান ফটো শ্বেয়াৰ কৰি আহিছে যিবোৰ দেখি অনুৰাগীৰো চকু সেমেকি উঠে।






    আজি সমগ্ৰ দেশতে ভাই-ভনীৰ সম্পৰ্কৰ পৱিত্ৰ উৎসৱ ৰাখীবন্ধন উদযাপন কৰা হৈছে। এনে মুহূৰ্তত শ্বেতাইও ছচিয়েল মিডিয়াৰ জৰিয়তে ভায়েক সুশান্ত সিঙক সুৱঁৰিছে। সুশান্তৰ অবিহনে শ্বেতাৰ বাবে এইটো দ্বিতীয় ৰাখী বন্ধন , যাৰ বাবে শ্বেতা অত্যন্ত দুখী।





    শ্বেতা সিং কীৰ্তিয়ে ৰাখী বন্ধনৰ প্ৰাক-মুহূৰ্তত ভায়েক সুশান্তক সুৱঁৰি এনে এটা ভিডিও শ্বেয়াৰ কৰিছে, যিটো দেখি অভিনেতা জনৰ অনুৰাগীও আৱেগিক হৈ পৰিছে।
    শ্বেতাই নিজৰ আৰু সুশান্তৰ ফ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, 'লাভ ইউ ভাই। আমি সদায় একেলগেই থাকিম।'