• ‘ইণ্ডিয়ান আইডল, ছিজন-১২’ৰ চেম্পিয়নৰ খিতাপ পৱনদ্বীপলৈ : অৰুণিতা প্ৰথম ৰানাৰ্ছ-আপ !

    মনোৰঞ্জন
    ‘ইণ্ডিয়ান আইডল, ছিজন-১২’ৰ চেম্পিয়নৰ খিতাপ পৱনদ্বীপলৈ : অৰুণিতা প্ৰথম ৰানাৰ্ছ-আপ !

    মুম্বাই: ‘কালাৰ্ছ টিভি’ৰ জনপ্ৰিয় সংগীতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল, ছিজন-১২’ৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে উত্তৰাখণ্ডৰ পৱনদ্বীপ ৰাজনে। বহু প্ৰতীক্ষাৰ অন্তত ঘোষণা কৰা এই ফলাফলৰ পাছতে ছ’চিয়েল মিডিয়াত পৱনদ্বীক শুভেচ্ছাৰে ভৰাই তুলিছে অনুৰাগীয়ে৷ প্ৰথম ৰানাৰ্ছ-আপ হৈছে অৰুণিতা কাঞ্জিলাল।





    বিজয়ী পৱনদ্বীপক এটা ট্ৰফী, ২৫লাখ টকা আৰু এখন নতুন চাৰিচকীয়া ছুজুকি বাহন প্ৰদান কৰে। ‘ইণ্ডিয়ান আইডল’ৰ ফাইনেলত পৱনদ্বীপ আৰু অৰুণিতাৰ উপৰি চাইলি কাম্বলে, নিহাল তৌৰো, ডেনিছ মহম্মদ আৰু ফ্ৰণ্ট প্ৰিয়াই প্ৰৱেশ কৰিছিল।





    উল্লেখ্য যে, ইণ্ডিয়ান আইডল, ছিজন-১২ৰ গ্ৰেণ্ড ফাইনেলৰ অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে একেৰাহে ১২ ঘণ্টাৰ লাইভ সম্প্ৰচাৰ কৰিছিল। অনুষ্ঠানটো দেওবাৰে দুপৰীয়া ১২ৰ বজাৰপৰা নিশা ১২বজালৈ অনুষ্ঠিত হৈছিল। ইণ্ডিয়ান আইডলৰ এইবাৰ বিচাৰকৰ আসনত আছিল অনু মালিক, হিমেশ ৰেশমিয়া আৰু চনু কক্কৰ। ফাইনেলৰ বিশেষ অনুষ্ঠানত অল্কা য়াগনিক, কুমাৰ চানু, উদিত নাৰায়ণ বিশেষ অতিথি হিচাপে উপস্থিত আছিল। লগতে আছিল জনপ্ৰিয় বলীউড অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীও।