• ‘টাইগাৰ-৩’ ৰ বাবে সাজু ‘ছিৰিয়েল কিলাৰ’ ইমৰান হাছমি

    মনোৰঞ্জন
    ‘টাইগাৰ-৩’ ৰ বাবে সাজু ‘ছিৰিয়েল কিলাৰ’ ইমৰান হাছমি

    নতুন দিল্লীঃ ২০০৪ চনত চকলেট বয়ৰ ইমেজ ভাঙি বলীউডৰ ক্ষেত্ৰখনত অভিষেক ঘটিছিল এগৰাকী অভিনেতাৰ। যিটো সময়ত বলীউডৰ নায়কসকলে চলচ্চিত্ৰৰ পৰ্দাত চুম্বনৰ দৃশ্য নাকচ কৰিছিল, সেইসময়তে নিজস্ব প্ৰতিভাৰে বলীউডত জগতত এক সুকীয়া স্থান দখল কৰিছিল ইমৰান হাছমিয়ে। অতিশীঘ্ৰে অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব নতুন ছবিত। ছলমান খান আৰু কেটৰিনা কাইফৰ সৈতে নতুন ছবি ‘টাইগাৰ-৩’ত দেখিবলৈ পোৱা যাব ইমৰান হাছমিক। ‘টাইগাৰ-৩’ ছবিৰ বাবে নতুন ৰূপেৰে উজলি উঠিছে অভিনেতাগৰাকী।





    অভিনেতাগৰাকীয়ে নতুন ট’নড লুক ইনষ্টাগ্ৰামত আপলোড কৰাৰ পাছতে ইমৰান অনুৰাগীৰ কমেণ্টৰ বন্যা বোৱা দেখিবলৈ পোৱা গৈছে। ৪২-বৰ্ষীয় অভিনেতাগৰাকীৰ এই ৰূপান্তৰে আচৰ্যচকিত কৰি তুলিছে চলচ্চিত্ৰপ্ৰেমীক। উল্লেখ্য যে, ‘ভাইজান’খ্যাত ছলমান খানৰ বাহিৰে প্ৰথমবাৰৰ বাবে টাইগাৰ ফ্ৰানছাইজৰ সৈতে সংযুক্ত হৈছে ‘ছিৰিয়েল কিলাৰ’ ইমৰান হাছমি। ইতিমধ্যে নতুন ছবিখনে চলচ্চিত্ৰপ্ৰেমীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ‘টাইগাৰ-৩’-ৰ উপৰি আগন্তুক সময়ত অভিনেতাগৰাকীক দেখিবলৈ পোৱা যাব বিগ্ বি অমিতাভ বচ্চনৰ সৈতে ‘চেহৰে’ ছবিত।