ডিজিটেল ডেস্কঃ অভিষেক বচ্চনক 'পৰিয়ালৰ গৌৰৱ’ আখ্যা দিলে পিতৃ অমিতাভ বচ্ছনে। দেওবাৰে অভিষেকে ৪৭ বছৰ সম্পূৰ্ণ কৰিলে। পুত্ৰৰ জন্মদিনত বিগবিয়ে এখন মুকলি চিঠি লিখি এই আখ্যা দিছে।
উল্লেখ্য যে বিগবিৰ পুত্ৰ হোৱাৰ বাবেই দেউতাকৰ লগত অভিষেকক তুলনা কৰা হয়। ছুপাৰষ্টাৰ পিতৃৰ পুত্ৰ বুলি কোৱা হয়। প্ৰশংসা আৰু বহু সমালোচনাও শুনিব লগা হৈছে। অৱশ্যে এইসমূহৰ কোনো প্ৰত্যুত্তৰ অভিষেকে নাই দিয়া।
অমিতাভ বচ্চনে পুত্ৰক ভালপোৱাৰ সমানেই গৌৰৱবোধো কৰে। বিগ বিয়ে প্ৰায়ে পুত্ৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আহিছে। অভিষেকৰ কাবাডী দল জয়পুৰ পিংক পেন্থাৰ্ছে প্ৰ’ কাবাডী লীগ জয় কৰে। ইয়াৰ পিছত পুত্ৰক 'বিগ বি'য়ে আদৰণি জনায়।
অমিতাভ বচ্চনে পুত্ৰ অভিষেকৰ বাবে জন্মদিন উপলক্ষে লিখিছে- “সময় কেনেকৈ উৰি যায়, সেয়া বুজিব নোৱাৰা কথা। পিছলৈ ঘূৰি চালে সুখী হওঁ, তোমাৰ বাবে গৌৰৱান্বিত হওঁ। আজি তুমি যিখিনি অৰ্জন কৰিছা সেয়া তোমাৰেই কৃতিত্ব। ইয়াৰ আঁৰত আছে কঠোৰ পৰিশ্ৰম, নিষ্ঠা, একাগ্ৰতা।’’
অমিতাভে আৰু লিখে- ''আজি তুমি নিন্দুক আৰু সমালোচকসকলক ভুল প্ৰমাণ কৰিলা। তুমি পৰিয়ালৰ গৌৰৱ।’’
অভিষেকৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনেও স্বামীৰ জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে- "জন্মদিনৰ শুভেচ্ছা থাকিল মোৰ প্ৰেম! তুমি চিৰদিনৰ বাবে।"
Leave A Comment