comScore
  • বিশ্ব অভিলেখ গঢ়িলে অলকা য়াগনিকে! অলকাৰ শ্ৰুতিমধুৰ গানসমূহে পিছ পেলালে টেইলৰ চুইফ্ট, বিটিএছৰ গানকো, কিন্তু কেনেকৈ?

    মনোৰঞ্জন
    বিশ্ব অভিলেখ গঢ়িলে অলকা য়াগনিকে! অলকাৰ শ্ৰুতিমধুৰ গানসমূহে পিছ পেলালে টেইলৰ চুইফ্ট, বিটিএছৰ গানকো, কিন্তু কেনেকৈ?
    ডিজিটেল ডেস্কঃ শ্ৰুতি মধুৰ আৰু দৰদী কণ্ঠত তেওঁ হিন্দী আৰু বিভিন্ন ভাষাত হাজাৰোধিক গান গাইছে। এয়া জনা যায় যে ভাৰতীয় গায়িকা অলকা য়াগনিকে প্ৰায় ১,০০০ চলচ্চিত্ৰৰ গানত কণ্ঠদান কৰিছে।

    সময়ৰ সোঁতত সাংগীতিক যাত্ৰা  হয়তো কিছু স্তিমিত হৈছে । তথাপি, অলকা য়াগনিকৰ জোৱাৰ কমি যোৱা নাই। আনকি ২০২২ চনতো মানুহে তেওঁৰ গান তামাম শুনি আছে। অন্ততঃ ইউটিউবৰ তথ্যই সেইটোৱেই কয়।

    সংগীতৰ শেহতীয়া চাঞ্চল্য বিটিএছ, ব্লেক পিংক আৰু টেইলৰ চুইফ্টতকৈও ২০২২ চনত ইউটিউবত ৫৬ বছৰীয়া অলকা য়াগনিকৰ গান শ্ৰোতাই অধিক শুনিছে।

    তাতেই হৈছে এক বিশ্ব ৰেকৰ্ড। গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে বিশ্বজুৰি প্ৰতিদিনে অলকাৰ গড়ে ৪২ নিযুত গান শুনা গৈছে। ২০২২ চনত তেওঁৰ গানবোৰ ১৫.৩ বিলিয়ন বাৰ ষ্ট্ৰিমিং হৈছিল।

    অলকাৰ পিছত আছে পুয়েৰ্টো ৰিকোৰ বেড বানি। তেওঁৰ গানবোৰ ১৪.৭ বিলিয়ন বাৰ শুনা গৈছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে অলকাক বলীউডৰ ‘আইকনিক ভইচ’ বুলি অভিহিত কৰিছে।

    শীৰ্ষ পাঁচজনৰ ভিতৰত বাকী তিনিজন ভাৰতীয়। তেওঁলোক হৈছে উদিত নাৰায়ণ, অৰিজিৎ সিং আৰু কুমাৰ চানু। তেওঁলোকৰ গানবোৰ ক্ৰমান্বয়ে ১০.৮ বিলিয়ন বাৰ, ১০.৭ বিলিয়ন আৰু ৯.০৯ বিলিয়ন বাৰ শুনা গৈছে।

    আনহাতে, বিটিএছ-ৰ গানবোৰ ৭.৯৫ বিলিয়ন বাৰ ষ্ট্ৰিমিং হৈছে। ব্লেক পিংক ৭.০৩ বিলিয়ন আৰু টেইলৰ চুইফ্টৰ গান ৪.৩৩ বিলিয়ন বাৰ শুনা গৈছে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388