ডিজিটেল ডেস্কঃ তেওঁৰ নাম প্ৰকাশ সিং। অৱশ্যে বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা ব্যক্তিগত দেহৰক্ষী এই প্ৰকাশক সকলোৱে চনু বুলি চিনি পায়। বিৰাট কোহলী আৰু অনুষ্কাই চনুক পৰিয়ালৰে এজন সদস্য হিচাপে চায়। আনকি চিনেমাৰ ছেটতো অভিনেত্ৰীগৰাকীয়ে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ নাপাহৰে।
শেহতীয়াকৈ চনুৰ দৰমহাৰ পৰিমাণ প্ৰকাশ কৰা হৈছে। বহুতে এই দৰমহাৰ পৰিমাণ দেখি আচৰিত হৈছে। এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি চনুৱে বছৰি ১.২০ কোটি টকা উপাৰ্জন কৰে। অৰ্থাৎ প্ৰতি মাহে ১০ লাখ টকা আয় কৰে। অৰ্থাৎ অনুষ্কা-বিৰাটৰ দেহৰক্ষীয়ে বাৰ্ষিক উপাৰ্জনৰ পৰিমাণত বহুতো বাণিজ্যিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াকো পৰাজিত কৰিব পাৰে।
বহুতো তাৰকাই সুৰক্ষাৰ বাবে যথেষ্ট ধন ব্যয় কৰে। অনুষ্কা আৰু বিৰাট ভাৰতীয় চলচ্চিত্ৰ আৰু ক্ৰিকেটৰ 'পাৱাৰ কাপল'। তেওঁলোকৰ অনুৰাগীৰ সংখ্যা কম নহয়। চনুৱে বিয়াৰ আগৰে পৰা অনুষ্কাৰ ব্যক্তিগত দেহৰক্ষী হিচাপে কাম কৰি আহিছে। এতিয়া তেওঁ বিৰাটৰ নিৰাপত্তা প্ৰধান হিচাপেও কাম কৰে।
Leave A Comment