comScore
  • পাঁচ বছৰ হ’ল অনুষ্কা-বিৰাটৰ সংসাৰ! বিবাহবাৰ্ষিকীক অনুষ্কাক লৈ কি লিখিলে বিৰাটে?

    মনোৰঞ্জন
    পাঁচ বছৰ হ’ল অনুষ্কা-বিৰাটৰ সংসাৰ! বিবাহবাৰ্ষিকীক অনুষ্কাক লৈ কি লিখিলে বিৰাটে?
    ডিজিটেল ডেস্কঃ চাওঁতে চাওঁতেই পাঁচটা বছৰ পূৰ হ’ল। সুখে-দুখে একেলগে বাস কৰিলে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই। কিন্তু তেওঁলোকৰ প্ৰেম যে চিৰদিনৰ বাবে, সেয়া লক্ষ্য কৰা গ’ল বিৰাট কোহলীৰ শেহতীয়া এটা ইনষ্টাগ্ৰাম প’ষ্টত।

    ১১ ডিচেম্বৰত পঞ্চম বিবাহ বাৰ্ষিকী উপলক্ষে কোহলীয়ে অনুষ্কাক উদ্দেশ্যি এটা বিশেষ প’ষ্ট শ্বেয়াৰ কৰে। 

    ইনষ্টাগ্ৰামত এখনি ফটো প’ষ্ট কৰিছে কোহলীয়ে। তাত দেখা গৈছে, মূৰত মূৰ থৈ দুয়ো একেলগে থিয় হৈ  আছে, পৃষ্ঠভাগত আকাশ।

    ফটোখনৰ কেপচন হিচাপে বিৰাটে লিখে- “অনন্ত যাত্ৰাৰ পথত পাঁচ বছৰ পাৰ হৈছে। তোমাক পোৱাটো মোৰ বাবে অতিকৈ সৌভাগ্যৰ। মই তোমাক খুব ভালপাওঁ।”

    ফটোখনত বন্ধু-বান্ধৱসকলৰ লগতে অনুষ্কাইও প্ৰতিক্ৰিয়া প্ৰেৰণ কৰিছে। মন্তব্য কৰি স্বামী বিৰাটক ভালপোৱা জনাইছে। 

    উল্লেখ্য অনুষ্কা-বিৰাটৰ বহুচৰ্চিত বিয়াখন হৈছিল ২০১৭ চনৰ ১১ ডিচেম্বৰত। ইটালীত হোৱা বিবাহানুষ্ঠানত উপস্থিত আছিল আত্মীয়-বন্ধুসকল।