ডিজিটেল ডেস্কচকদা এক্সপ্ৰেছৰ জৰিয়তে প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছে বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই ।বৰ্তমান অভিনেত্ৰী ইংলেণ্ডত আছে আৰু তেওঁ
আহিবলগীয়া চলচ্চিত্ৰখনৰ বাবে ক্ৰিকেট প্ৰশিক্ষণ লৈ আছে।
শুক্ৰবাৰে, অনুষ্কাই ইনষ্টাগ্ৰামত কেইবাখনো ফটো পোষ্ট কৰিছিল৷ ছবিবোৰত অনুষ্কাক ক্ৰিকেট বলৰ সৈতে দেখা গৈছিল। ফটোৰ সৈতে শিৰোনামটোত লিখিছিল, এই হাঁহিটোত ভোল নাযাব !
জানুৱাৰীত চাকদা এক্সপ্ৰেছৰ বিষয়ে ঘোষণা কৰাৰ সময়ত অনুষ্কা শৰ্মাই কৈছিল যে চাকদা এক্সপ্ৰেছ প্ৰাক্তন ভাৰতীয় অধিনায়ক ঝুলন গোস্বামীৰ জীৱন আৰু সময়ৰ দ্বাৰা অনুপ্ৰাণিত৷ লগতে এই ছবিয়ে ক্ৰিকেটৰ জগতত মহিলাৰ অৱদানৰ বিষয়ে সমগ্ৰ পৃথিৱীক অৱগত কৰিব। যি সময়ত ঝুলনে ক্ৰিকেটাৰ হ'বলৈ আৰু বিশ্বৰ মঞ্চত নিজৰ দেশক গৌৰৱান্বিত কৰাৰ সিদ্ধান্ত লৈছিল, সেইসময়ত মহিলাসকলৰ বাবে ক্ৰিকেট খেলাৰ কথা ভবাটোও কঠিন আছিল।
ঝুলন গোস্বামীক প্ৰশংসা কৰি অনুষ্কাই কয় যে 'এগৰাকী মহিলা হিচাপে, ঝুলনৰ কাহিনী শুনি মই গৌৰৱান্বিত হৈছিলোঁ আৰু দৰ্শক আৰু ক্ৰিকেট প্ৰেমীসকলৰ মাজত নিজৰ জীৱন কঢ়িয়াই আনিবলৈ চেষ্টা কৰাটো মোৰ বাবে এক সন্মানৰ বিষয়। ক্ৰিকেট খেলুৱৈ হিচাপে, আমি আমাৰ মহিলা ক্ৰিকেটাৰসকলক তেওঁলোকৰ প্ৰাপ্য দিব লাগিব।”
এই ছবিখনে অনুষ্কাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি সকলোৱে ধাৰণা কৰিছে৷ উল্লেখযোগ্য যে , অনুষ্কা শৰ্মাক শেষবাৰৰ বাবে শ্বাহৰুখ খান আৰু কেটৰিনা কাইফৰ সৈতে ২০১৮ ৰ জিৰো চলচ্চিত্ৰত দেখা গৈছিল।
Leave A Comment