comScore
  • ''বলিউডত নিজস্বতা হেৰাই যায়!’’ হিন্দী চিনেমা উদ্যোগক লৈ তীব্ৰ বিস্ফোৰক মন্তব্য কৰিলে অৰ্জুনে কাপুৰে, কি ক’লে তেওঁ?

    মনোৰঞ্জন
    ''বলিউডত নিজস্বতা হেৰাই যায়!’’ হিন্দী চিনেমা উদ্যোগক লৈ তীব্ৰ বিস্ফোৰক মন্তব্য কৰিলে অৰ্জুনে কাপুৰে, কি ক’লে তেওঁ?

    ডিজিটেল ডেস্কঃ বিখ্যাত কাপুৰ পৰিয়ালৰ পুত্ৰ তেওঁ। বলীউডতে সৰুৰে পৰা ডাঙৰ হৈছে। তথাপিও অভিনেতা অৰ্জুন কাপুৰ কেতিয়াবা বলীউডত 'শ্বাসৰুদ্ধ' পৰিস্থিতিৰ মুখামুখি হয়। শেহতীয়া ছবি 'কুট্টে'ৰ মুক্তিৰ পূৰ্বে অৰ্জুনে এই বিস্ফোৰক স্বীকাৰোক্তি দিছে।

    অৰ্জুনে কয়, "এই উদ্যোগত থাকিবলৈ আপুনি সৰলভাৱে থাকিব নোৱাৰে, আপুনি যথেষ্ট ভাও ধৰি থাকিব লাগিব। ইয়াৰ ফলত স্বকীয়তা হেৰাই যায়।"

    "ইশ্কজাদে"খ্যাত অভিনেতাজনে দাবী কৰে যদি তেওঁ উদ্যোগটোৰ বিষয়ে সকলো সত্য কথা কয়, তেন্তে তেওঁ বলিউডৰ পৰা হেৰাই যাব! 

    উল্লেখ্য যে কেইবাখনো ছৱিত অভিনয় কৰি অভিনেতাগৰাকীয়ে সফলতা লাভ কৰিলেও শেহতীয়া ছৱিসমূহে বক্স অফিচত মুখ ঠেঁকেচা খাইছে। তেওঁৰ ব্যক্তিগত জীৱনত মালাইকা অৰোৰাৰ সৈতে সম্পৰ্কৰ বাবেও সামাজিক মাধ্যমত ট্ৰ'ল কৰা হৈ আহিছে।

    কিন্তু তথাপিও মালাইকাৰ স’তে মধুৰ মুহূৰ্ত কটাই আহিছে অৰ্জুনে। শেহতীয়া ছৱি 'কুত্তে’ৰ বাবেও আশাবাদী অভিনেতাজন।