ডিজিটেল ডেস্কঃ নতুনকৈ সংসাৰ তৰিবলৈ উলাইছে জনপ্ৰিয় ৰেপাৰ বাদশ্বাহে। প্ৰথমবাৰৰ বাবে সংসাৰ তৰাৰ পাছতে বিবাহ বিচ্ছেদৰ খবৰ হঠাতে আহিছিল। লকডাউনত পত্নী জেচমিনৰ পৰা পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল ৰেপাৰগৰাকীয়ে। তেতিয়াৰ পৰাই গুজৱ চলে যে গায়িকা বা পাঞ্জাবী অভিনেত্ৰী ঈশা ৰিখীৰ প্ৰেমত পৰিছে বাদশ্বাহ।
প্ৰায় দুবছৰমান হ'ল দুয়োৰে সম্পৰ্ক। এইবাৰ বাদশা আৰু ৰিখীৰ সম্পৰ্কই আৰু এখোজ ল’বলৈ গৈ আছে। শুনা যায় যে দুয়োৱে বিবাহপাশত আৱদ্ধ হ’ব।
অৱশ্যে দুয়োগৰাকীয়ে এই বিষয়ত কোনো মন্তব্য দিব নিবিচাৰে বুলি জনা গৈছে। দুয়োগৰাকী তাৰকাই প্ৰথম লগ পাইছিল এটা ফিল্মি পাৰ্টিত। প্ৰথম দৃষ্টিতে আকৰ্ষণ অনুভৱ কৰে। বাদশ্বাহৰ ঘনিষ্ঠ ব্যক্তি এজনে কৈছিল যে দুয়োৰে মাজত বহুত মিল আছে। একেধৰণৰ গীত আৰু চিনেমা চাই ভাল পায়।
মন কৰিবলগীয়া যে বাদশ্বাহৰ এগৰাকী কন্যাও আছে। বৰ্তমান কন্যা সন্তান মাতৃৰ সৈতে লণ্ডনত আছে। এইবাৰ কণ্ঠশিল্পীগৰাকীৰ দ্বিতীয় বিবাহক লৈ মায়ানগৰীত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
Leave A Comment