comScore
  • ভিয়েটনামত নিষিদ্ধ হ’ল 'বাৰ্বি’! ফিলিপাইনছতো নিষিদ্ধ হ’ব পাৰে 'বাৰ্বি’! কিন্তু কি এই বাৰ্বি? কিহৰ বাবে বিতৰ্ক?

    মনোৰঞ্জন
    ভিয়েটনামত নিষিদ্ধ হ’ল 'বাৰ্বি’! ফিলিপাইনছতো নিষিদ্ধ হ’ব পাৰে 'বাৰ্বি’! কিন্তু কি এই বাৰ্বি? কিহৰ বাবে বিতৰ্ক?
    ডিজিটেল ডেস্কঃ ৰাজনৈতিক উত্তেজনাৰ বাবে ভিয়েটনাম চৰকাৰে এখন হলিউডৰ ছৱিৰ প্ৰদৰ্শন দেশখনত নিষিদ্ধ কৰিছে। ৱাৰ্নাৰ ব্ৰাদাৰ্ছে নিৰ্মাণ কৰা 'বাৰ্বি’ নামৰ চিনেমাখনক ফিলিপাইনছতো নিষিদ্ধ কৰাৰ কথা চিন্তা কৰা হৈছে। এনে পৰিস্থিতিত হলিউডৰ প্ৰডাকচন কোম্পানীটোয়ে ছবিখনৰ সপক্ষে যুক্তি দিছে।

    অহা ২১ জুলাইত আমেৰিকা আৰু ভিয়েটনামত মুক্তি পাব ‘বাৰ্বি’। ইতিমধ্যেই ছবিখনৰ এটা দৃশ্যই বিতৰ্কৰ সৃষ্টি কৰিছে। তাত এখন মানচিত্ৰত দেখা যায় দক্ষিণ চীন সাগৰত ‘ন’ ডেচ লাইন’ নামৰ চীনে নিৰ্মাণ কৰা জলসীমা।

    সেয়ে ভিয়েটনাম আৰু ফিলিপাইনছৰ দৰে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ অভিযোগ যে বেইজিঙে দক্ষিণ চীন সাগৰৰ সীমাৰেখাডাল আচলতে দখল কৰিছে। চীনে নিজৰ ভূখণ্ড বুলি দাবী কৰা অংশটো আচলতে ফিলিপাইনছ আৰু ভিয়েটনামৰ অংশ। চিনেমাখনে চীনৰ দখলদাৰীত্বক স্বীকৃতি দিব বিচাৰিছে।

    ৱাৰ্নাৰ ব্রাদার্ছে কয় যে তেওঁলোকৰ ছবিখনত একো দোষ দেখা নাই৷ তেওঁলোকে ক'লে, "ৰঙীন মানচিত্ৰখন শিশুসুলভ ৰূপত অংকন কৰা হৈছে। তাত সীমাৰেখাটো ধেমেলীয়া ৰূপত দেখুওৱা হৈছে। কাকো আঘাত দিবলৈ নহয়।”

    ইতিমধ্যে ভিয়েটনামে ছবিখন নিষিদ্ধ কৰিছে যদিও ফিলিপাইনছ চৰকাৰে এতিয়াও চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই।
    উল্লেখ্য যে ২০১৬ চনত ৰাষ্ট্ৰসংঘৰ অনুমোদিত আদালতে বেইজিঙৰ এই সীমা নিৰ্ধাৰণক অবৈধ বুলি খাৰিজ কৰিছিল। আনকি তেওঁলোকে সেই অঞ্চলৰ এক বৃহৎ অঞ্চলক ফিলিপাইনছৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল হিচাপে ঘোষণা কৰে। অৱশ্যে বেইজিঙে এই ৰায় নাকচ কৰে। এতিয়ালৈকে দুয়োখন দেশৰ মাজত বিবাদৰ সমাধান হোৱা নাই।