comScore
  • ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত ভাৰত পেভিলিয়ন উদ্বোধন

    মনোৰঞ্জন
    ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত ভাৰত পেভিলিয়ন উদ্বোধন
    ডিজিটেল ডেস্কঃ ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত এই বছৰটো  ভাৰতৰ বাবে  এক আশাৰ সঞ্চাৰকাৰী বছৰ, এইবেলি মহোৎসৱৰ  বিভিন্ন শাখাত অসংখ্য ভাৰতীয় ছবিয়ে আনুষ্ঠানিকভাবে  নিৰ্বাচিত হৈছে। আজি ফ্ৰান্সৰ ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত ভাৰত পেভিলিয়ন উদ্বোধন কৰা হয়।
     
    প্ৰতি বছৰে সন্মানীয় কান চলচ্চিত্ৰ মহোৎসৱত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে উদ্যোক্তাৰ ভূমিকা গ্ৰহণ কৰি অহাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে নোডেল এজেঞ্চী হিচাবে  ভাৰতৰ অংশগ্ৰহণৰ নেতৃত্ব বহন কৰি আহিছে। লগতে  এফআইচিচিআইয়ে উদ্যোগৰ অংশীদাৰ হিচাপে উক্ত মহোৎসৱত অৰিহণা যোগাই আহিছে। কান  চলচ্চিত্ৰ মহোৎসৱত উদ্বোধন কৰা ভাৰত  পেভিলিয়নে ভাৰতৰ  সমৃদ্ধ চলচ্চিত্ৰ ঐতিহ্য  আৰু বিশ্বব্যাপী চলচ্চিত্ৰ ভ্ৰাতৃত্ববোধৰ  সৈতে আন্তৰ্জাতিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ নিৰন্তৰ প্ৰতিশ্ৰুতিকে চিহ্নিত কৰিছে।

    এই বিশাল উদ্বোধনী অনুষ্ঠানৰ নেতৃত্ব দিয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব  সঞ্জয় জাজুৱে। তেওঁৰ সৈতে আছিল  ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত জাৱেদ আশ্ৰাফ।

    উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি চলচ্চিত্ৰ ক্ষেত্ৰৰ  বহু সন্মানীয় গণ্যমান্য ব্যক্তি, প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ উদ্যোগৰ নেতৃবৃন্দই  ভাৰতীয় চলচ্চিত্ৰৰ মৰ্মাৰ্থ উপলব্ধি কৰিবলৈ সক্ষম হয় । উপস্থিত অতিথিসকলৰ ভিতৰত আছিল দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰু ভিডিঅ' ফাউণ্ডেচনৰ অধ্যক্ষা শ্ৰীমতী থোলানা ৰোজ চেকে, চলচ্চিত্ৰ বিভাগৰ সঞ্চালক শ্ৰীযুত খ্ৰীষ্টান জিউন, কান চলচ্চিত্ৰ মহোৎসৱৰ উপ-সাধাৰণ প্ৰতিনিধি তথা প্ৰসিদ্ধ  চলচ্চিত্ৰ নিৰ্মাতা ৰিচি মেহতা আদি ব্যক্তিসকল।

     উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী সঞ্জয় জাজুৱে কয়, "এই বছৰ কান চলচ্চিত্ৰ মহোৎসৱত অধিক ভাৰতীয় ছবিৰ প্ৰকল্পই  আনুষ্ঠানিকভাবে নিৰ্বাচিত হৈছে , এই সকলোবোৰ ছবি প্ৰতিযোগিতাৰ আৱৰ্তত আছে  আৰু ইয়াৰ ফলাফল সন্দৰ্ভত মই অনিশ্চিত । কিন্তু   মই এই কথা স্বীকাৰ কৰোঁ যে এনে প্ৰকল্পই চৰকাৰী  উদগনি লাভ কৰাৰ লগতে  মূল প্ৰযোজনাসমূহৰ ক্ষেত্ৰত চৰকাৰে সমৰ্থন আগবঢ়াইছে।"

    তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে  লগতে কয় "ইয়াত উদ্বোধন কৰা ভাৰত পেভিলিয়নে বিশ্বমঞ্চত ভাৰতীয় চলচ্চিত্ৰৰ নেটৱৰ্কিং, সহযোগিতা, প্ৰচাৰৰ কেন্দ্ৰ হিচাপে কাম কৰিব।  আমি ভাৰতীয় অডিঅ' ভিজুৱেলৰ মাজত এক বৃহত্তৰ সহযোগিতা গঢ়ি তুলিব বিচাৰো। চলচ্চিত্ৰ উদ্যোগৰ  আন্তঃৰাষ্ট্ৰীয় সমকক্ষৰ সৈতে একত্ৰিত হোৱাৰ ফলত বিশ্বব্যাপী ভাৰতীয় চলচ্চিত্ৰ বহুতে উপভোগ কৰাৰ সুবিধা পাব আৰু ছবিৰ উপলব্ধতা বৃদ্ধি পাব । ই দেশৰ চিনেমাৰ শক্তি ইতিবাচক দিশত ব্যৱহাৰ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য পূৰণ কৰাত সহায়ক হ’ব।" 
     
    অনুষ্ঠানত উপস্থিত থাকি ফ্ৰান্সত থকা ভাৰতৰ ৰাষ্ট্ৰদূত  জাৱেদ আশ্ৰাফে কয়  "ভাৰতে ইয়াৰ দাৰ্শনিক অৱদান, চিন্তা আৰু ধাৰণাৰ বাবে ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক দুয়োধৰণে বিশ্বজুৰি মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।  বহুমেৰুত বিয়পি থকা পৃথিৱীত ভাৰতৰ  ভূমিকা গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে,  যিহেতু আমি বৰ্তমানৰ আন্তৰ্জাতিক শৃংখলাত নতুন দিশেৰে নিজকে  ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছো সেয়ে এই সকলোবোৰ  উন্নয়নৰ দিশ একেলগে জড়িত হৈ আছে। ভাৰতে বিদেশত, বিশেষকৈ চিনেমাৰ ক্ষেত্ৰ খনত  অধিক উপস্থিতি সাৱস্ত্য কৰাটো আমাৰ বাবে ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে"।
     
    অনুষ্ঠানত উপস্থিত থাকি ৰিচি মেহতাই কয়"এয়া  ভাৰতীয় চলচ্চিত্ৰৰ বাবে  এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ব্যক্তিগতভাৱে মোৰ বাবে, চলচ্চিত্ৰ মহোৎসৱবোৰ নাথাকিলে  মোৰ কেৰিয়াৰো নাথাকিব। এনেধৰণ চলচ্চিত্ৰ মহোৎসৱবোৰে মোক মূলতঃ এটা কেৰিয়াৰ বাছি লোৱাত  সহায় কৰিছে। এজন কানাডিয়ান ভাৰতীয় হিচাপে মোৰ এক বিশেষ  লক্ষ্য  হৈছে  সৰ্বশ্ৰেষ্ঠ ভাৰতীয় কাহিনী গ্ৰহণ কৰা।  মই চলচ্চিত্ৰৰ দৃষ্টিকোণৰ পৰা এই কথা কোৱা নাই, মই কাহিনীবোৰৰ পৰা, মাটিৰ মানুহৰ পৰা, আমি বিশ্বক দেখুৱাবলগীয়া আশ্চৰ্যকৰ সংস্কৃতিৰ দৃষ্টিকোণৰ  পৰা এই কথা কৈছো। এই উদ্বোধনী অনুষ্ঠানত অংশ লোৱাটো মোৰ বাবে এটা প্ৰকৃত সন্মান।" 
      
    উল্লেখ্য এই বছৰ কান চলচ্চিত্ৰ মহোৎসৱত  জম্মু-কাশ্মীৰ, কৰ্ণাটক, গোৱা আৰু মহাৰাষ্ট্ৰৰ দৰে বহু  ৰাজ্যই  ভাৰতক প্ৰতিনিধিত্ব কৰিছে। সংশ্লিষ্ট ৰাজ্যসমূহৰ প্ৰযোজক আৰু প্ৰযোজনা সংস্থাসমূহে ৰাজ্যিক উদগনি লাভ কৰি তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যক ডাঙি ধৰিবলৈ চেষ্টা কৰিছে। ভাৰতৰ চলচ্চিত্ৰ সুবিধাপ্ৰদান কাৰ্যালয় (এফএফঅ')ৰ   অংশীদাৰিত্বত  ভাৰতত দৃশ্যগ্ৰহণ কৰা তিনিখন চলচ্চিত্ৰক এই বছৰৰ কান চলচ্চিত্ৰ মহোৎসৱত বিভিন্ন শাখাত তালিকাভুক্ত কৰা হৈছে।
      
    লক্ষ্যণীয়ভাৱে এইবেলি   প্ৰথমবাৰৰ বাবে যে জম্মু-কাশ্মীৰে কান চলচ্চিত্ৰ মহোৎসৱত  অংশগ্ৰহণ কৰিছে আৰু বিশ্বব্যাপী থকা চলচ্চিত্ৰ প্ৰযোজনা কোম্পানীবোৰক  'ভূ-স্বৰ্গ' হিচাবে জনাজাত কাশ্মীৰলৈ দৃশ্যগ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰিব পাৰিছে। জম্মু-কাশ্মীৰে চলচ্চিত্ৰ উদগনি নীতি গ্ৰহণ কৰা এবছৰতকৈও কম সময় হৈছে।  কিন্তু মহোৎসৱৰ  প্ৰথম দিনাই ৰাজ্যখনৰ প্ৰতিনিধিয়ে  কেইবাগৰাকী চলচ্চিত্ৰ উদ্যোগীৰ সৈতে  বৈঠকত মিলিত হৈ উপযুক্ত সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা বুলি জম্মু-কাশ্মীৰৰ পৰা যোৱা বিষয়াসকলে প্ৰকাশ কৰিছে।

    indojawa88slot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet