ডিজিটেল ডেস্কঃ নিজৰ জন্মদিনত স্বামী কৰণ সিং গ্ৰোভাৰৰ স’তে অন্তৰংগ মুহূৰ্ত পাৰ কৰিলে বিপাশা বসুৱে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰা মুহূৰ্তটোৰ ফটোখনত দেখা গৈছে যে কৰণে কাপোৰ পিন্ধা নাই। বিপাশাইও নামমাত্ৰ পোছাক পিন্ধিছে। তাৰকা-দম্পতীহালে তেনেদৰেই ছাঁয়া ছৱি তুলিছে।
উল্লেখ্য যে বলিউডৰ আবেদনময়ী অভিনেত্ৰী বিপাশাই ৪৪ বছৰ সম্পূৰ্ণ কৰিলে। জন্মদিন উপলক্ষে বিভিন্ন ধৰণে আনন্দ উপভোগ কৰিছে বিপাশাই৷
দাম্পত্য জীৱনতো সুখী বিপাশা আৰু কৰণ৷ যোৱা বছৰৰ ১২ নৱেম্বৰত তেওঁলোকৰ প্ৰথম সন্তান দেৱীৰ জন্ম হয়। বিপাশাই জন্মদিনতো জীয়েকৰ সৈতে খেলি থকা এটা ভিডিঅ' পোষ্ট কৰিছে।
আনহাতে, বিপাশা আৰু কৰণে ইজনে সিজনক মৰমতে 'মংকী' বুলি মাতে। বিপাশাৰ জন্মদিনত কেকৰ স’তে থকা মমবাতিটোৰ পোহৰত জিলিকি উঠা দেখা যায় কৰণে লিখা এইষাৰী বাক্য- 'শুভ জন্মদিন মংকী প্ৰিন্সেচ'। কৰণ সিং গ্ৰোভাৰে এইদৰেই তেওঁৰ পত্নীক অভিনন্দন জনাইছে।
কৰণে বিপাশাক লৈ কেইবাবাৰো উচ্চ প্ৰশংসা কৰি আহিছে৷ বিপাশাক অনন্যা আৰু সোণালী হৃদয়ৰ গৰাকী বুলিও তেওঁ অভিহিত কৰে৷
Leave A Comment