ডিজিটেল ডেস্কঃ বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ সংসাৰলৈ যোৱা বছৰৰ নৱেম্বৰ মাহত এটি কন্যা সন্তান আহে। তেওঁলোকে নিজৰ ছোৱালীজনীৰ নাম ৰাখিছিল দেৱী।
আজি বিপাশাই নেহা ধুপীয়াৰ সৈতে ইনষ্টাগ্ৰামত লাইভ হৈ মাতৃত্ব, গৰ্ভধাৰণ আদি বিষয়ৰ কথা ক’লে। লগতে চাঞ্চল্যজনকভাৱে ক’লে তেওঁৰ কন্যাৰ জন্মতে হৃদয়ত দুটা ফুটা আছিল।
বিপাশাই প্ৰকাশ কৰে যে জন্মৰ তৃতীয় দিনা তেওঁলোকে গম পালে যে দেৱীৰ হৃদয়ত দুটা ফুটা আছে। প্ৰতিমাহে স্কেন কৰিবলৈ যাবলগা হৈছিল। কিন্তু তিনিমাহৰ পাছত তেওঁলোকে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত ল’লে।
দেৱীৰ তিনি মাহ বয়সত অস্ত্ৰোপচাৰ কৰা হৈছিল, আৰু বিপাশাই প্ৰকাশ কৰিছিল যে ছয় ঘণ্টা ধৰি অপাৰেচন চলি আছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে যেতিয়া দেৱী অপাৰেচন কক্ষত আছিল তেতিয়া তেওঁৰ জীৱন বন্ধ হোৱা যেন অনুভৱ হৈছিল। কিন্তু, অস্ত্ৰোপচাৰ সফল হ’ল আৰু এতিয়া, দেৱী ঠিকেই আছে।
Leave A Comment