ডিজিটেল ডেস্কঃ অৱশেষত অপেক্ষাৰ অন্ত পৰিল। অসমৰ ছবিগৃহত মুক্তি পালে বহু প্ৰতীক্ষিত নিপন গোস্বামীৰ পৰিচালনাৰ ছবি ড০ বেজবৰুৱা-২এ। প্ৰথম দিনাৰ প্ৰথম দৰ্শনী চোৱাৰ মানসেৰে ছবিগৃহত ভিৰ কৰিলেহি দৰ্শকে। ছবি চাই সকলোৱে একেমুখে প্ৰশংসা কৰিলে ড০ বেজবৰুৱা-২ক।
দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে ছবিখনৰ সৈতে জড়িতসকলৰ লগতে অসমীয়া ছবি উদ্যোগটোক মনেপ্ৰাণে ভালপোৱাসকলক আহ্লাদিত কৰি তুলিছে ৷যিটো সময়ত অসমীয়া ছবি উদ্যোগটো মৰি মৰি জী আছে সেই সময়তে আজি অসমৰ ১৪২ খন পৰ্দা আৰু ভাৰতৰ বিভিন্ন চহৰৰ ৮ টা প্ৰেক্ষাগৃহত মুক্তি লাভ কৰা এ এম টেলিভিছনৰ বেনাৰত নিৰ্মিত নৱতম ছবি ‘ডক্তৰ বেজবৰুৱা-২’ই অভিলেখ গঢ়িবলৈ সক্ষম হ’ল৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আঠ খন চহৰতে ‘ডক্তৰ বেজবৰুৱা-২’ ৰ প্ৰেক্ষাগৃহ হৈ পৰে হাউছফুল৷ বহু ঠাইত আনকি অতিৰিক্ত দৰ্শনীৰো ব্যৱস্থা কৰিবলগীয়া হয়৷
আজি সকলো ছবিগৃহতে ‘ডক্তৰ বেজবৰুৱা-২’ উপভোগ কৰিবলৈ টিকট বিচাৰি দৰ্শকৰ মাজত উথপথপ লগা পৰিলক্ষিত হয়৷ এক কথাত এয়া অসমীয়া ছবিৰ প্ৰতি দৰ্শকৰ প্ৰীতিকেই সূচাইছে বুলি বহুতে মন্তব্য কৰিছে৷ ‘ড০ বেজবৰুৱা-২’ৰ প্ৰতি অভূতপূৰ্ব সঁহাৰিয়ে ছবিপ্ৰেমীসকলক আনন্দিত কৰি তুলিছে৷ উল্লেখ্য ছবিখনৰ প্ৰযোজনা প্ৰাগ নিউজৰ স্বত্বাধিকাৰ ড০ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণৰ৷
‘ডক্তৰ বেজবৰুৱা-২’ ছবি খনত বলিউড তথা হলীউডৰ বলিষ্ঠ অভিনেতা আদিল হুছেইনৰ লগতে সিদ্ধাৰ্থ-কিংকিনীৰ সফল ৰোমাণ্টিক যুটিয়ে অভিনয় কৰিছে৷ ছবি খনত নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গকো ব্যতিক্ৰমী ৰূপত দেখা গৈছে৷
নৃত্য-গীত, একচন, ছাচপেন্স, কমেডীৰে পৰিপূৰ্ণ ছবি ‘ডক্তৰ বেজবৰুৱা-২’ক সকলো দৰ্শকেই এখন সফল পূৰ্ণাংগ ছবি আখ্যা দিছে৷ উল্লেখ্য এই খনেই হৈছে নিপন গোস্বামীৰ অন্তিম পৰিচালিত ছবি৷ মুক্তিৰ পূৰ্বেই ছবি খনৰ প্ৰতিটো গীতেই লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ ব্যাপক সঁহাৰি৷ অসমীয়া ছিনেমাৰ ক্ষেত্ৰত প্ৰি-বুকিঙৰ অভিলেখো ‘ডক্তৰ বেজবৰুৱাৰ-২’ই ৰচনা কৰিছে৷
ছবি খনৰ জনপ্ৰিয়তা লক্ষ্য কৰি ছবি খনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণে কয় যে এতিয়া আঞ্চলিক ছবিৰ বাবে ভাল দিন উভতি আহিছে ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ছবিঘৰত আলোড়ন সৃষ্টি কৰিছে ‘ডক্তৰ বেজবৰুৱা-২’ ছবি খনে । যোৰহাটৰ ইলি ছবিগৃহত ‘ডক্তৰ বেজবৰুৱা-২ ৰ আটাইকেইটা দৰ্শনী হাউছফুল হয় । ডিব্ৰুগড়ৰ গেলেৰীয়া ছবিঘৰতো হাউছফুল বুকিং।
গুৱাহাটীৰ ইন'ক্সত প্রথম দর্শনী চাই উৎফুল্লিত দর্শক।নগাঁৱত ৩ দিনৰ বাবে অপেৰা চিনেমা হলৰ সম্পূর্ণ টিকট বিক্রী। অসমৰ ১৪২খন পৰ্দাতো একে দৃশ্যই পৰিলক্ষিত হ’ল৷ ছবিখনত আদিল হুছেইনৰ বলিষ্ঠ অভিনয়, জুবিন গাৰ্গৰ ব্যতিক্ৰমী ৰূপ, সিদ্ধার্থ-কিংকিনীৰ সফল ৰোমাণ্টিক যুটি, নৃত্য-গীত, একচন, ছাচপেন্স, কমেডীৰ কথা দৰ্শকৰ মুখে মুখে বাগৰি গ’ল৷ আনকি গুৱাহাটীত লাখুটি লৈ ৭৫ বছৰীয়া আইতায়ো চালে ছবিখন। ‘ডক্তৰ বেজবৰুৱা-২’ প্রথম দর্শনী চাই অভিভূত হৈ পৰে যুৱ প্ৰজন্মৰ দৰ্শকসকলৰ লগতে সকলো বয়সৰে দৰ্শক৷
Leave A Comment