• মুক্তি পালে ড° পাৰ্থসাৰথি মহন্তৰ কথা আৰু জুবলী বৰুৱাৰ কণ্ঠত "ঔম মহেশ্বৰ"

    মনোৰঞ্জন
    মুক্তি পালে ড° পাৰ্থসাৰথি মহন্তৰ কথা আৰু জুবলী বৰুৱাৰ কণ্ঠত "ঔম মহেশ্বৰ"
    ডিজিটেল ডেস্কঃ মহাশিৱৰাত্ৰিৰ প্ৰাকক্ষণত লেখক, বিশিষ্ট কথাছবি পৰিচালক তথা মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থসাৰথি মহন্তৰ কথা আৰু জুবলী বৰুৱাৰ কণ্ঠত ‘ঔম মহেশ্বৰ’ শীৰ্ষক ভক্তিমূলক গীতটিয়ে মুক্তি লাভ কৰিছে । 



    ইউটিউবত এই ভক্তিমূলক গীতটো উপলব্ধ হোৱাৰ মাত্ৰ কেইঘন্টামানৰ ভিতৰতে কেইবাহাজাৰ লোকে আদৰি লৈছে । 

    ‘নীলকণ্ঠ / সদাশিৱ /জঁটাধাৰী মহাদেৱ .....’ কলিৰে আৰম্ভ হোৱা গীতটোৰ সংগীত দীপকেশ বৰগোহাঁইৰ। গীতটোৰ প্ৰতিটো শব্দই আধ্যাত্মিক চেতনা বহন কৰাৰ উপৰি প্ৰভু শিৱৰ মাহাত্ম্য বৰ্ণনা কৰিছে । শ্ৰুতিমধুৰ সুৰ আৰু শব্দৰ মালিতাই "ঔম মহেশ্বৰ" গীতটিত  ভগৱান শিৱৰ অপৰিসীম শক্তি, সীমাহীন কৰুণা, আৰু ঐশ্বৰিক শক্তিক সুন্দৰভাৱে উপস্থাপন কৰিছে ।