comScore
  • নিজতকৈ কম বয়সীয়া যুৱকৰ স’তে বিয়াত বহি কি সমস্যা হৈছিল ফাৰাহ খানৰ? কি ক’লে মালাইকা আৰোৰাৰ আগত?

    মনোৰঞ্জন
    নিজতকৈ কম বয়সীয়া যুৱকৰ স’তে বিয়াত বহি কি সমস্যা হৈছিল ফাৰাহ খানৰ? কি ক’লে মালাইকা আৰোৰাৰ আগত?
    ডিজিটেল ডেস্কঃ আঠ বছৰৰ সৰু শিৰীষ কুন্দেৰক বিয়া কৰি অনেক গঞ্জনা-উপহাসৰ সমুখিন হৈছিল ফাৰাহ খান। বলিউডৰ কৰিঅ’গ্ৰাফাৰগৰাকীয়ে নিজে এই কথা প্ৰকাশ কৰিছে।

    আইটেম গাৰ্ল মালাইকা আৰোৰাৰ ‘মুভিং ইন উইথ মালাইকা’ নামৰ এটা শ্ব’ত ফাৰাহ খানে এইদৰে কৈছে। উল্লেখ্য যে মালাইকাইও তেওঁতকৈ কম বয়সীয়া অৰ্জন কাপুৰৰ স’তে সম্পৰ্কত আৱদ্ধ হৈ আছে। ফাৰাহে মালাইকাক সুধে যে অৰ্জুনৰ স’তে হোৱা এই সম্পৰ্কক লৈ মানুহে কটুক্তি নকৰেনে?

    তাৰ উত্তৰত মালাইকাই হাঁহি হাঁহি কয়- “তুমিও এতিয়া এইধৰণৰ কথাক লৈ চিন্তা কৰিছা? বয়স বাঢ়িলে মহিলাসকলে কি এইধৰণৰ চিন্তা কৰে নেকি?”

    “বয়স্ক মহিলাসকলক লৈ নানা কথা চলে সমাজত। ল’ৰাই নিজতকৈ কম বয়সীয়া ছোৱালীৰ স’তে প্ৰেম কৰিলে সেয়া স্বাভাৱিক বিষয়। ১০ বছৰৰ ডাঙৰ প্ৰেমিকা থাকিলেতো এজন ল’ৰা পৃথিৱীৰ অধীস্বৰ। কিন্তু সেই একেটা সম্পৰ্কতে থকা ছোৱালীজনীক ককৰ্থনা কৰা হয়। কোনেও তাইক বাহ বাহ নিদিয়ে।”- মালাইকাই আক্ষেপ কৰে।

    উল্লেখ্য যে ২০০৪ চনৰ ৪ ডিচেম্বৰত শিৰীষ কুন্দেৰৰ স’তে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল ফাৰাহ খান। ২০০৮ চনত কৃত্ৰিম প্ৰজননৰ সহায়ত ফাৰাহ খানে সন্তানো জন্ম দিয়ে।