comScore
  • চিনেমা জগতৰ গুজৱ প্ৰকাশৰ বাবেই ৭৯ বছৰ পূৰ্বে হত্যা কৰা হৈছিল এগৰাকী সাংবাদিকক! আজিও ৰহস্য এই হত্যাকাণ্ড

    মনোৰঞ্জন
    চিনেমা জগতৰ গুজৱ প্ৰকাশৰ বাবেই ৭৯ বছৰ পূৰ্বে হত্যা কৰা হৈছিল এগৰাকী সাংবাদিকক! আজিও ৰহস্য এই হত্যাকাণ্ড
    ডিজিটেল ডেস্কঃ চিনেমা জগতৰ ৰোমাঞ্চকৰ খবৰ জানিবলৈ বহুলোক আগ্ৰহী হৈ থাকে। কোন নায়িকা কোন নায়কৰ প্ৰেমত পৰিছে বা কোনগৰাকী অভিনেত্ৰীয়ে ঘৰ ভাঙিল- এনেধৰণৰ গুজৱক কেন্দ্ৰ কৰি  কৌতুহলৰ অন্ত নাথাকে। ৰূপালী পৰ্দাৰ ভিতৰৰ দুনীয়াৰ সেইসমূহ গুজৱ প্ৰচাৰ কৰে ফিল্মী আলোচনীবিলাকে। কিন্তু এই গুজৱৰ বাবেই ৭৯ বছৰ পূৰ্বে এজন সাংবাদিকৰ প্ৰাণহানী হৈছিল৷ আজিও ওৰ পৰা নাই ইয়াৰ ৰহস্যৰ৷

    তেতিয়া দেশ স্বাধীন হোৱাই নাছিল। হিন্দী চিনেমাৰ সমান্তৰালকৈ দেশৰ বিভিন্ন ৰাজ্যত আঞ্চলিক চলচ্চিত্ৰৰো উত্তৰণ আৰম্ভ হ’ল। অভিনেতা এম কে থ্যাগৰাজা ভাগৱতই সেই সময়ত তামিল ছবিত প্ৰতিষ্ঠা লাভ কৰিছিল। এম কে টি নামেৰে বেছি পৰিচিত হৈছিল অভিনেতাজন৷

    তেওঁক তামিল ছবিৰ জগতৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা বুলি কোৱা হয়। চল্লিশৰ দশকত তেওঁ তামিল চিনেমাত শাসন কৰিছিল। স্বাভাৱিকতে জনপ্ৰিয় নায়কগৰাকীক কেন্দ্ৰ কৰি অতিৰিক্ত উত্তেজনাৰ সৃষ্টি হৈছিল।

    সেই সময়ত চি এন লক্ষ্মীকান্তনে তদানীনত্ন মাদ্ৰাজ (বৰ্তমান চেন্নাই)-ত চলচ্চিত্ৰ সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৪৩ চনত তেওঁৰ সম্পাদনাতে আৰম্ভ হৈছিল সাপ্তাহিক চিনেমা আলোচনী ‘চিনেমা থুটু’ৰ যাত্ৰা।

    সেই সময়ত বাতৰি কাকতখন অতি জনপ্ৰিয় আছিল।  তামিল চলচ্চিত্ৰৰ জগতখনৰ আগশাৰীৰ নায়ক-নায়িকাসকলৰ ব্যক্তিগত জীৱনৰ ওপৰত তাত আলোকপাত কৰা হৈছিল। আলোচনীখনে তামিল চলচ্চিত্ৰ জগতখনত ধুমুহাৰ সৃষ্টি কৰিছিল৷

    এম কে টিৰ বিষয়ে বাতৰি কাকতত বিভিন্ন ‘গছিপ’ লিখা হৈছিল। যিটো অভিনেতাগৰাকীয়ে একেবাৰে ভাল পোৱা নাছিল। কেৱল এম কে টিয়েই নহয়, সেই সময়ৰ বিখ্যাত কমেডিয়ান এন এছ কৃষণৰ লগতে আন কেইবাজনো অভিনেতাৰ গুজৱ প্ৰকাশ পাইছিল৷

    এম কে টিৰ লগতে বাকী অভিনেতাসকলেও অৱশেষত লক্ষ্মীকান্তনৰ আলোচনীখনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ উদ্যত হৈ পৰিল। সেই সময়ত তেওঁলোকে তদানীন্তন ৰাজ্যপালৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰে। ইয়াৰ দ্বাৰা লক্ষ্মীকান্তনৰ আলোচনীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ অনুৰোধ জনায়।

    তেওঁলোকৰ আৱেদন অনুসৰি লক্ষ্মীকান্তনৰ বাতৰি কাকতৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হয়। অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ পিছতো তেওঁ কাকতখন চলাবলৈ চেষ্টা কৰিছিল। কিন্তু পিছলৈ তেওঁ প্ৰকাশ বন্ধ কৰিবলৈ বাধ্য হ’ল।

    অৱশ্যে লক্ষ্মীকান্তনক এনেদৰে ৰোধ কৰিব পৰা নগ’ল। ইয়াৰ পিছত তেওঁ আন এখন আলোচনী প্ৰকাশ কৰে। যাৰ  নাম দিয়া হয়- ‘হিন্দ জাতি’। লক্ষ্মীকান্তনে সেই আলোচনীখনতো এম কে টিকে ধৰি তামিল চলচ্চিত্ৰ অভিনেতাসকলৰ গুজৱ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। ফলত চলচ্চিত্ৰ জগতৰ সৈতে লক্ষ্মীকান্তনৰ তিক্ত সম্পৰ্কৰ সৃষ্টি হ’ল।

    ১৯৪৪ চনৰ ৮ নৱেম্বৰ। সেইদিনাই সংঘটিত হয় সকলোকে কঁপাই যোৱা এটা ঘটনাটো৷ লক্ষ্মীকান্তন তেওঁৰ উকীল বন্ধু জে নৰগুনামক লগ কৰিবলৈ গৈছিল। তাৰ পৰা ৰিক্সা এখনত উঠি ঘৰলৈ অহাৰ পথত হঠাৎ তেওঁক আক্ৰমণ কৰা হয়।

    লক্ষ্মীকান্তনক ঘেৰি ধৰিলে এদল অচিনাকি দুৰ্বৃত্তই। ইয়াৰ পিছতে তেওঁক ছুৰীৰে আঘাত কৰা হয়। আক্ৰমণৰ ফলত তেওঁৰ পেটৰ বাওঁফালে ঘাঁ হৈ পৰে। চাৰিওফালে তেজ বিৰিঙিব ধৰে৷ তেনে অৱস্থাতে তেওঁ উকীলৰ ঘৰলৈ গৈ ঘটনাটোৰ বিষয়ে জনায়। লগে লগে লক্ষ্মীকান্তনক চিকিৎসালয়লৈ লৈ যোৱা হয়।

    চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁ আক্ৰমণৰ সবিশেষ দিয়ে। লগতে ৰিক্সা চালকজনক থানাত এজাহাৰ দাখিল কৰিবলৈ অনুৰোধ জনায়। পিছদিনা চিকিৎসালয়ত মৃত্যু হয় লক্ষ্মীকান্তনৰ। সেই সময়ত তেওঁৰ বয়স আছিল ৫০ বছৰ।

    তাৰপাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক। পিছত আৰু ৬ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ ভিতৰত আছে এম কে টি, কৃষণ আৰু পৰিচালক এছ এম শ্ৰীৰামলু নাইডু।

    সেই সময়ত জনপ্ৰিয় তামিল চলচ্চিত্ৰ তাৰকা এম কে টিক গ্ৰেপ্তাৰক লৈ হুলস্থুলৰ সৃষ্টি হৈছিল। পিছত নাইডুক দোষমুক্ত কৰা হয়। কিন্তু এম কে টি আৰু কৃষণক দোষী সাব্যস্ত কৰা হয়। ১৯৪৭ চনলৈকে তেওঁলোকে কাৰাবাস খাটিছিল। পিছত তেওঁলোকক মুকলি কৰি দিয়া হ’ল।

    গ্ৰেপ্তাৰৰ ফলত বিধ্বস্ত হৈ পৰে এম কে টি। ১৯৫৯ চনত তেওঁৰ মৃত্যু হয়। মুকলি হোৱাৰ পিছত কৃষণে পুনৰ চিনেমাত নিয়োজিত হ’বলৈ চেষ্টা কৰিলে। তেওঁৰ কিছুমান ছবি সফলো হৈছিল।

    অৱশ্যে লক্ষ্মীকান্তনৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও সমাধান হোৱা নাই। প্ৰকৃততে তেওঁক কোনে হত্যা কৰিছিল আৰু কিয় আক্ৰমণ সংঘটিত হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।