comScore
  • দেশৰ ৰাজনীতি কঁপাবলৈ মুক্তি লাভ কৰিব আন এখন চিনেমা! এইবাৰ নাথুৰাম গডছেক লৈ ছৱি নিৰ্মাণ কৰিছে পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে

    মনোৰঞ্জন
    দেশৰ ৰাজনীতি কঁপাবলৈ মুক্তি লাভ কৰিব আন এখন চিনেমা! এইবাৰ নাথুৰাম গডছেক লৈ ছৱি নিৰ্মাণ কৰিছে পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে
    ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতি কঁপাবলৈ আৰু এখন চিনেমা আহি আছে। এইবাৰ নাথুৰাম গডছেক লৈ ২৬ জানুৱাৰীত চিনেমা মুক্তি দিবলৈ উলাইছে প্ৰখ্যাত পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে। ইতিমধ্যে ছৱিৰ ট্ৰেইলাৰো মুকলি হৈছে। "গান্ধী গডছে: এক যুদ্ধ' নামৰ এই ছৱিখন নিৰ্মাণ কৰাৰ বাবে পৰিচালক সন্তোষীয়ে অলপতে মৃত্যুৰ ভাবুকিও লাভ কৰিছে।

    তাৰৰপাছতে এই লৈ মুখ খুলিছে ছৱিখনৰ সংগীত পৰিচালক এ আৰ ৰহমানে। ৰাজকুমাৰ সন্তোষীক মৃত্যুৰ ভাবুকি দিয়াটোক তেওঁ দুৰ্ভাগ্যজনক আখ্যা দিছে। কয় যে কেৱল ট্ৰেইলাৰখন চাইয়েই মানুহে প্ৰতিবাদ কৰা আৰম্ভ কৰি দিছে!

    উল্লেখ্য যে চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুক্তিৰ পিছৰে পৰা 'গান্ধী গডছে: এক যুধ' একাধিকবাৰ বিতৰ্কত সোমাই পৰিছে। নাথুৰাম গডছে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ হত্যাকাৰী। ছৱিখনৰ জৰিয়তে গডছেক প্ৰশংসা কৰা হৈছে নেকি বুলিও অনেকে প্ৰশ্ন উত্থাপন কৰিছে। 'গান্ধী গডছে: এক যুধ' ২৬ জানুৱাৰীত মুক্তি পাব।

    সেইবাবেই পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে অলপতে নিজৰ আৰু তেওঁৰ পৰিয়ালৰ বাবে নিৰাপত্তা বিচাৰি মুম্বাই আৰক্ষীৰ কাষ চাপিছিল। তেওঁ কয়- "মই ছবিখনৰ প্ৰচাৰ আৰু মুক্তি বন্ধ কৰিবলৈ অজ্ঞাত লোকৰ পৰা ভাবুকি লাভ কৰি আহিছো। মই মোৰ নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ বিষয়ে চিন্তিত। যদি এনে লোকসকলে মুক্তভাৱে ঘূৰি ফুৰে, ই মোৰ আৰু মোৰ পৰিয়ালৰ বাবে বিপদজনক হ'ব পাৰে।’’