comScore
  • মাধুৰী দীক্ষিতক বিয়া কৰাবলৈ মন আছিল! পত্নী সুনীতাৰ সন্মুখতে এই কথা ক’লে অভিনেতা গোবিন্দই!

    মনোৰঞ্জন
    মাধুৰী দীক্ষিতক বিয়া কৰাবলৈ মন আছিল! পত্নী সুনীতাৰ সন্মুখতে এই কথা ক’লে অভিনেতা গোবিন্দই!
    ডিজিটেল ডেস্কঃ নব্বৈৰ দশকৰ জনপ্ৰিয় তাৰকা গোবিন্দ। কেইবাগৰাকীও আগশাৰীৰ অভিনেত্ৰীৰ সৈতেও তেওঁ কাম কৰিছে। ৰবিনা টণ্ডন, কৰিশ্মা কাপুৰ, মাধুৰী দীক্ষিত নেনে - অভিনেতাগৰাকীয়ে সকলোৰে সৈতে টিম আপ কৰি দৰ্শকক মনোৰঞ্জন দিছে। তাৰ ভিতৰত এগৰাকী নায়িকা গোবিন্দৰ প্ৰতি খুবেই আকৰ্ষিত আছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে যদি তেওঁৰ আগতে বিয়া নহ’লহেঁতেন তেন্তে তেওঁ বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীক বিয়া কৰালেহেঁতেন। কিন্তু কোন তেওঁ?

    আন কোনো নহয়, তেওঁ হৈছে মাধুৰী দীক্ষিত। গোবিন্দই মাধুৰীৰ সৈতে ‘মহা সংগ্ৰাম’, ‘ইজ্জতদাৰ’, ‘পাপ কা এণ্ট’ত অভিনয় কৰিছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাজনে কয় যে যদি তেওঁৰ পত্নী সুনীতা তেওঁৰ জীৱনলৈ নাহিলহেঁতেন তেন্তে তেওঁ মাধুৰীক বিয়া কৰালেহেঁতেন।

    সেই সাক্ষাৎকাৰত গোবিন্দৰ সৈতে পত্নী সুনীতাও উপস্থিত আছিল। তাত সুনীতাক সোধা হৈছিল, কোন গোবিন্দৰ প্ৰিয় অভিনেত্ৰী। সুনীতাই ক্ষন্তেকতে উত্তৰ দিয়ে মাধুৰী। ইয়াৰ পিছত সাক্ষাৎকাৰগ্ৰহণকাৰীয়ে গোবিন্দক সুধিলে যে যদি সুনীতাক বিয়া নকৰালেহেঁতেন, তেন্তে কাক বিয়া কৰালেহেঁতেন? পত্নীৰ কথাৰ কথা উল্লেখ কৰি গোবিন্দে কয়, "সুনিতা নহ'লে মই মাধুৰীৰ প্ৰেমত পৰাৰ কথা ভাবিলোহেঁতেন। মই তেওঁক বিয়া কৰালোহেঁতেন।’’

    অৱশ্যে গোবিন্দৰ মুখত মাধুৰীৰ কথা শুনি পত্নী সুনীতাই কোনো বিশেষ বিৰূপ প্ৰতিক্ৰিয়া নকৰিলে। ক’লে যে গোবিন্দৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু জানে গোবিন্দ কেনেধৰণৰ মানুহ।