ডিজিটেল ডেস্কঃ হিৰো আলমৰ নাম নুশুনা মানুহ হয়তো বৰ্তমান খুব কমেই আছে। সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰা বাংলাদেশৰ এই ষ্টাৰজনে অনুৰাগীসকলক নিৰ্মল আনন্দ প্ৰদান কৰি আহিছে। কিন্তু তেওঁৰ সম্পত্তিৰ পৰিমাণ কিমান? জানিলে অবাক হ’ব আপুনি!
আশ্ৰাফুল হোছেইন ওৰফে হিৰো আলমে বাংলাদেশৰ বগুৰা-৪ (কাহালু-নন্দীগ্ৰাম) আৰু বগ্ৰা-৬ (সদৰ) আসনৰ উপ-নিৰ্বাচনৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। কিন্তু বগ্ৰাৰ উপায়ুক্ত চাইফুল ইছলামে এই মনোনয়ন দেওবাৰে প্ৰত্যাখ্যান কৰিছে। কাৰণ হিৰো আলমে যি পৰিমাণৰ সম্পত্তি ইয়াত উল্লেখ কৰিছে, সেয়া কোনেও মানি ল’ব নিবিচাৰে।
মনোনয়ন পত্ৰত উল্লেখ কৰা অনুসৰি হিৰো আলমে মাত্ৰ চাৰি বছৰতে কোটি টকাৰ সম্পত্তি ঘটিছে। কেইবছৰমান আগতে তেওঁৰ বেছি সম্পত্তি নাছিল। বেংকত মাত্ৰ এহেজাৰ টকা আছিল। তেওঁৰ নামত আছিল মাত্ৰ এখন ৮৭,০০০ টকাৰ পুৰণি বাইক, ২.৫ লাখ টকাৰ ঘৰুৱা আচবাব আৰু তেওঁৰ পত্নীৰ নামত সোণৰ গহনা।
কিন্তু চাৰি বছৰৰ ব্যৱধানত সকলো সলনি হৈছে। তেওঁ ৯,০০০ একৰ মাটি কিনিছে আৰু তাত এটা ঘৰ নিৰ্মাণ কৰিছে। পত্নীৰ সোণৰ অলংকাৰৰ পৰিমাণ ১০ গুণ বৃদ্ধি পাইছে। বেংকত প্ৰায় ৫৫ লাখ টকা আছে।
মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা সম্পদ বিবৃতিৰ শপতনামাত হিৰো আলমে এই তথ্য উল্লেখ কৰিছিল। তেওঁ দাবী কৰে যে এয়া তেওঁৰ ক'লা ধন নহয়, সৎ ভাৱে উপাৰ্জন কৰা ধন। অৱশ্যে, দেওবাৰে তেওঁৰ মনোনয়ন নাকচ কৰা হয়।
Leave A Comment