ডিজিটেল ডেস্কঃ হানি সিঙে যোৱা কেইবছৰমান মানসিক স্বাস্থ্যৰ সৈতে যুঁজি আছে। ছয় বছৰতকৈও অধিক সময় তেওঁ লাইমলাইটৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। অন্তিম এলবামটো ২০১৬ চনত মুক্তি দিয়া হৈছিল। কিন্তু দীঘলীয়া বিৰতিৰ অন্তত ঘূৰি আহিছে জনপ্ৰিয় ৰেপাৰগৰাকী। তেওঁৰ নতুন সংগীত ভিডিঅ' এই বছৰ মুকলি কৰা হ'ব। কিন্তু যোৱা ছয় বছৰ তেওঁৰ বাবে সহজ নাছিল। সেইসময়ত, অভিনেত্ৰী দীপিকা পাডুকোনে হানিলৈ সহায়ৰ হাত আগবঢ়াইছিল। অৱশ্যে, দীপিকাৰ বাহিৰেও উদ্যোগটোৰ সকলো ডাঙৰ তাৰকাই নিয়মীয়াকৈ তেওঁৰ খা খবৰ লৈছিল।
এসময়ত দীপিকাও হতাশাত ডুব গৈছিল। গতিকে তেওঁ নিজৰ অভিজ্ঞতা বুজিয়ে হানি সিঙৰ অসুস্থতাক সহায় কৰিছিল। হানিয়ে কৈছিল যে তেওঁক দীপিকাই দিয়া চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল। তেওঁক তাত দীৰ্ঘদিন ধৰি চিকিৎসা কৰা হৈছিল। হানিয়ে কৈছিল, "মোৰ কঠিন সময়ত সকলোৱে মোক সহায় কৰিছে। কোনজন চিকিৎসকৰ ওচৰলৈ যাব লাগে মই জানিব পৰা নাছিলো। দীপিকাই সহায় কৰিছিল। মই দিল্লীৰ এজন চিকিৎসকৰ ওচৰলৈ গৈছিলো। মোৰ দৰে, দীপিকাও একেই পৰিস্থিতিৰ মাজেৰে গৈছে।’’
হানিয়ে কৈছিল যে এই ছয় বছৰত অক্ষয় কুমাৰৰ পৰা শ্বাহৰুখ খানলৈকে সকলোৱে তেওঁৰ খা-খবৰ লৈ আছিল। অক্ষয় কুমাৰে নিয়মীয়াকৈ ফোন কৰিছিল ।
Leave A Comment