comScore
  • “গুৰুজীৰ সৈতে ৰাতিপুৱাৰ ভৰিৰ কাম ” কেনেকৈ ৰাতিপুৱাটো আৰম্ভ কৰে অভিনেত্ৰী কংগনাই?

    মনোৰঞ্জন
    “গুৰুজীৰ সৈতে ৰাতিপুৱাৰ ভৰিৰ কাম ”  কেনেকৈ ৰাতিপুৱাটো আৰম্ভ কৰে অভিনেত্ৰী কংগনাই?
    ডিজিটেল ডেস্ক
    বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়েই কংগনা ৰাণাৱট সমালোচিত হয় যদিও তেওঁৰ অভিনয়ৰ ক্ষেত্ৰত থকা দক্ষতা আৰু শাৰিৰীক গঠনক শত্ৰুয়েও প্ৰশংসা কৰিব৷ তেওঁৰ এই সৌন্দৰ্য আৰু সু-স্বাস্থ্যৰ ৰহস্য আপুনি জানেনে?

    বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ  ৰাতিপুৱাটো সৰ্বশ্ৰেষ্ঠ উপায়েৰে আৰম্ভ  কৰিবলৈ ভাল পায় ৷আৰু পুৱাটো আৰম্ভ কৰে  নৃত্যৰ জৰিয়তে। বৰ্তমান আহিবলগীয়া ছবি  'ইমাৰ্জেন্সি'ৰ  কাম কৰি থকা অভিনেত্ৰীগৰাকীয়ে নৃত্যৰ পাঠ গ্ৰহণ কৰা এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।
    'কুইন'খ্যাত অভিনেত্ৰীগৰাকীয়ে শনিবাৰে তেওঁৰ ইনষ্টাগ্ৰামৰ প্ৰ’ফাইলত এটি  ভিডিঅ' পোষ্ট কৰিছিল য'ত তেওঁক কোৰিঅ'গ্ৰাফাৰ টেৰেঞ্চ লুইছৰ নৃত্য বিদ্যালয়ত নৃত্যৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকা  দেখা গৈছিল।

    কংগনাই ভিডিঅ'টোত লিখিছিল যে,"গুৰুজী @rajendrachaturvedi আৰু @seema_purohit সৈতে ৰাতিপুৱা ভৰিৰ কাম"।

    কংগনাই তেওঁৰ গৃহ ৰাজ্য হিমাচল প্ৰদেশৰ লোকসকলক ৰাজ্যখনৰ চলিত বিধানসভা নিৰ্বাচনত ভোট দান কৰিবলৈ আহ্বান জনাই আহিছে।

    ইমাৰজেন্সীৰ সমান্তৰালভাৱে কংগনাই  'তেজছ' ছবিখনত   এজন আই এ এফ যুঁজাৰু পাইলটৰ ভূমিকা পালন কৰিব। তদুপৰি, তেওঁক ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী - ইন্দিৰা গান্ধী হিচাপে 'ইমাৰজেন্সী' ছবিখনত  দেখা যাব৷

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388