ডিজিটেল ডেস্কঃ বছৰৰ শেষত হৃত্বিক ৰোছনক প্ৰেয়সী চাবা আজাদৰ সৈতে চুইজাৰলেণ্ড ভ্ৰমণ কৰা দেখা গৈছিল৷ ঠিক সেইদৰে অভিনেতাজনৰ প্ৰাক্তন পত্নী চুজানকো প্ৰেমিক আৰ্ছলান গনিৰ গোৱাত দেখা গৈছিল। এইসমূহৰ পাছত এইবাৰ প্ৰাক্তন পত্নী চুজানৰ প্ৰেমিক আৰ্ছলান গনিৰ স’তে একেলগে চেল্ফী তোলা দেখা গ’ল হৃত্বিকক৷
জানুৱাৰী ১০ তাৰিখে আৰ্ছলানে হৃত্বিকক তেওঁৰ ৪৯ তম জন্মদিনৰ শুভেচ্ছা জনাই এখন ফটো পোষ্ট কৰিছিল। য'ত হৃত্বিকক তেওঁৰ প্ৰাক্তন পত্নীৰ বৰ্তমানৰ প্ৰেমিকক আলিঙ্গন কৰি থকা দেখা যায়। চেল্ফীখন এটা পাৰ্টিত লোৱা হৈছিল। তেওঁলোকৰ পিন্ধনত প্ৰায় একে পোছাক।
তাৰপাছতে অনুৰাগীসকলৰ মাজত তীব্ৰ চৰ্চা চলিছে৷ সকলোৱে উপলব্ধি কৰিছে দুয়োজনৰ মাজত শত্ৰুতাৰ কোনো লক্ষণ নাই, বৰঞ্চ বন্ধুত্বহে আছে৷
আনকি বিবাহ বিচ্ছেদৰ পাছতো প্ৰাক্তন যুটি হৃত্বিক-চুজান এতিয়াও শিৰোনামাত আছে। হৃতিকে এই বছৰ তেওঁৰ জন্মদিনতে চাবা আজাদৰ স’তে বিবাহৰ খবৰ দিছিল। চুজানৰ পৰা পৃথক হোৱাৰ পিছত চাবা আজাদে হৃত্বিকৰ জীৱনত বসন্তৰ স্পৰ্শ আনিছিল। তেওঁলোকে ইতিমধ্যে একেলগে থাকিবলৈ আৰম্ভ কৰিছে।
Leave A Comment