comScore
  • “ডাক্তৰে কৈছিল মই কাহানিও অভিনয় কৰিব নোৱাৰিম!” শৈশৱৰ দুখজনক স্মৃতি সুঁৱৰি কাতৰ হৈ পৰিল হৃত্বিক ৰোশন

    মনোৰঞ্জন
    “ডাক্তৰে কৈছিল মই কাহানিও অভিনয় কৰিব নোৱাৰিম!” শৈশৱৰ দুখজনক স্মৃতি সুঁৱৰি কাতৰ হৈ পৰিল হৃত্বিক ৰোশন
    ডিজিটেল ডেস্কঃ নিজৰ শৈশৱৰ দুঃখজনক স্মৃতি সোঁৱৰণ কৰি আৱেগিক হৈ পৰিল হৃত্বিক ৰোছন। এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত হৃত্বিকে কয় যে তেওঁৰ শৈশৱ কালছোৱা সিমান সুখজনক নাছিল। বৰঞ্চ অভিনয় এৰি দিয়াৰ কথা ভাবিছিল তেওঁ।

    “সৰুকালতে স্কুলত পঁয়ালগা আছিলো। কথা ক’ব নাজানিছিলো। মোৰ কোনো বন্ধু নাছিল, কোনো প্ৰেমিকাও নাছিল। প্ৰচণ্ড লাজুকীয়া আছিলো আৰু ঘৰলৈ ঘূৰি আহি কেৱল কান্দিছিলো।”- হৃত্বিকে কয়।

    “ডাক্তৰে কৈছিল যে মই কোনোদিনে অভিনেতা হ’ব নোৱাৰিম। কাৰণটো হৈছে মোৰ মেৰুদণ্ডৰ সমস্যাই দেখা দিছিল। মোক কোৱা হৈছিল যে মই কোনো দিন নাচিব নোৱাৰিম।”- অভিনেতাগৰাকীয়ে কয়।  

    “এইসমূহে মোৰ মন এনেদৰে ভাঙি পেলাইছিল যে ৰাতিপুৱা শুই উঠিয়ে বেয়া বেয়া চিন্তা মনলৈ আহিছিল। মনলৈ আহিছিল যে অভিনেতা হোৱাৰ সপোন মোৰ কেতিয়াও পূৰণ নহ’ব। ভিতৰি ভিতৰি নিজকে প্ৰতিবন্ধী বুলি ভাবিলে অনেক কষ্ট হয়।”- হৃত্বিকে কয়।

    অৱশ্যে এতিয়া এইসমূহ স্মৃতি সহজভাৱে গ্ৰহণ কৰে অভিনেতাগৰাকীয়ে। কয় যে জীৱনটোলৈ ঘূৰি চালে তেওঁৰ এই সমস্যাসমূহ সৃষ্টি কৰাৰ বাবে ঈশ্বৰক ধন্যবাদ জনায়।

    “সেই দিনসমূহৰ বাবেই মই শক্তিশালীভাৱে নিজকে গঢ় দিব পাৰিলো।”- অভিনেতাগৰাকীয়ে কয়।

    উল্লেখ্য যে শেহতীয়াকৈ হৃত্বিকৰ ‘বিক্ৰম বেদা’ ছৱিখন বক্স অফিচত সফল নহ’লেও তেওঁৰ অভিনয় প্ৰশংসিত হৈছে। মুক্তিৰ অপেক্ষাত আছে ‘ফাইটাৰ’।