comScore
  • মিছ ইউ বেবী ডল! জেকুলিন ফাৰ্নাণ্ডেজৰ জন্মদিনৰ দিনা কাৰাগাৰৰ পৰাই চিঠি লিখিলে নায়িকাৰ তথাকথিত প্ৰেমিক সুকেশে

    মনোৰঞ্জন
    মিছ ইউ বেবী ডল! জেকুলিন ফাৰ্নাণ্ডেজৰ জন্মদিনৰ দিনা কাৰাগাৰৰ পৰাই চিঠি লিখিলে নায়িকাৰ তথাকথিত প্ৰেমিক সুকেশে
    ডিজিটেল ডেস্কঃ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ কথিত প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ২০০ কোটি টকাৰ আৰ্থিক কেলেংকাৰীৰ অভিযোগ আছে। বৰ্তমান তেওঁ দিল্লীৰ মণ্ডোলী কাৰাগাৰত বন্দী হৈ আছে। সুকেশৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল অভিনেত্ৰীগৰাকী। এই জালিয়াতিৰ গোচৰৰ তদন্তৰ বাবে বিগত এটা বছৰত জেকলিনে কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছিল।

    ১১ আগষ্ট তাৰিখে অভিনেত্ৰী গৰাকীৰ জন্মদিন। সেয়ে কাৰাগাৰৰ পৰাই সুকেশে গোটেই প্ৰেম চিঠি এখন লিখিলে। সুকেশে সেই চিঠিখন উকীল অনন্ত মালিকৰ হাতেৰে জেকলিনলৈ পঠিয়াই দিলে।

    চিঠিখনৰ প্ৰতিটো অধ্যায়তে তেওঁ জেকলিনৰ প্ৰতি থকা প্ৰেমৰ কথা প্ৰকাশ কৰিছিল। কেৱল সেয়াই নহয়, জেকুলিনক মিছ কৰাৰ কথাও তাত লিখে।

    চিঠিখনৰ আৰম্ভণিতে সুকেশে জেকলিনক ‘বেবী গাৰ্ল’ বুলি সম্বোধন কৰিছিল। তেওঁ লিখিছে, "আজি মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন। মোৰ নিজৰ জন্মদিনতকৈ এই দিনটো বেছি গুৰুত্বপূৰ্ণ। তুমি হয়তো নাজানা যে সময়ৰ লগে লগে প্ৰতিদিনে অধিক ধুনীয়া হৈ পৰিছা। মই তোমাক কিমান মিছ কৰো তোমাৰ কোনো ধাৰণা নাই। পুৰণি স্মৃতিবোৰ আজি বৰ প্ৰাঞ্জল হৈ পৰিছে। মই নিজে বনোৱা কাৰ্ড এখন পঠাইছো। য'ত আমাৰ কিছুমান স্মৃতি আঁকিলোঁ।’’

    চিঠিখনৰ শেষত সুকেশে জেকলিনক লিখিছে- "এই বছৰো মই তোমাৰ লগত থাকিব নোৱাৰিলোঁ। কিন্তু প্ৰতিশ্ৰুতি দিছো, অহা বছৰ আমাৰ জন্মদিনত আমি একেলগে থাকিম।''

    বৰ্তমান জেকুলিন আমেৰিকাত আছে। তাতেই জন্মদিন উদযাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে তেওঁলোকৰ সম্পৰ্কক অস্বীকাৰ কৰি আহিছে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388