• কংগনা নহয়, এইবাৰ কাজলে ট্ৰ’ল কৰিলে কৰণ জোহৰক তাৰকাৰ সন্তানলৈ থকা অত্যাধিক স্নেহৰ বাবেই কাজলে খং কৰিলে কৰণক

    মনোৰঞ্জন
    কংগনা নহয়, এইবাৰ কাজলে ট্ৰ’ল কৰিলে কৰণ জোহৰক  তাৰকাৰ সন্তানলৈ  থকা অত্যাধিক স্নেহৰ বাবেই কাজলে  খং কৰিলে কৰণক
    ডিজিটেল ডেস্ক
    চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ তাৰকাৰ সন্তানৰ প্ৰতি থকা বিশেষ মৰমৰ কথা সকলোৱে জানে৷ এইবাবে বহুতে প্ৰতক্ষ্য বা পৰোক্ষভাৱে উপহাসো কৰিছে কৰণক ।আৰু এইবাৰ অভিনেত্ৰী কাজলেও উপহাস কৰিলে কৰণক৷আনহাতে,চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু অভিনেতা কাজলে সৰুৰে পৰা ইজনে সিজনক চিনি পায়৷ কাজলে আনকি কৰণৰ পৰিচালনাৰ প্ৰথম ছবি কুছ কুছ হোতা হে (১৯৯৮)তো অভিনয় কৰিছিল। 

     কাজলআৰু কৰণক  নতুন ভিডিঅ এটাত একেলগে দেখা গৈছে৷ ভিডিঅ’টোত  ইজনে সিজনক কৌতুকপূৰ্ণ উপহাস কৰিছিল। 
    উক্ত ভিডিঅ‘টোত  দীৰ্ঘদিনীয়া বন্ধু আৰু সহকৰ্মীসকলে খাদ্যসম্পৰ্কে  আলোচনা কৰি থকা গৈছে৷  

    খাদ্য বিজ্ঞাপনটোত চলচ্চিত্ৰ নিৰ্মাতাজনে পায়জামা পিন্ধি নিজৰ ঘৰতে খাদ্যৰ বাবে  অপেক্ষা কৰি থকা কাজলৰ বাবে আহাৰ ৰন্ধাৰ চেষ্টা কৰিছে। যেতিয়া তেওঁ কাজলক সুধিলে চুপ খাব নেকি, তেতিয়া কাজলে  ব্যংগাত্মকভাৱে উত্তৰ দিছিল, "আপুনি তাৰকাৰ সন্তা। অবিহনে চুপ  বনাব পাৰিবনে?"

    আনহাতে কাজলৰ প্ৰশ্নত কৰণে প্ৰত্যুত্তৰ দিয়ে, "আপুনিও এজন তাৰকা সন্তান।" 

    এনে উত্তৰ-প্ৰত্যুত্তৰৰ অন্তত  কৰণে অৱশেষত কাজললৈ  চুপৰ বাটিটো আগবঢ়াই দিছিল৷ কাজলেও কৰণ প্ৰশংসা কৰিছিল এনেদৰে, "এতিয়া আপোনাৰ চিনেমাবোৰো এনেদৰে নিৰ্মাণ কৰক, কোনো তাৰকা সন্তান অবিহনে!" 

    যদিও বিজ্ঞাপনটোৱে হাঁহিৰ খোৰাক যোগাইছে, একেসময়তে ই বহু কথা কৈ গৈছে৷ এফালে ই বলিউড তাৰকাৰ প্ৰকৃত ৰূপটো দাঙি ধৰিছে ৷আনফালে জনসাধাৰণে কৰা ট্ৰ’লকো কৰণ জোহৰে ব্যৱসায়িক অৰ্থত ব্যৱহাৰ কৰা দেখা গৈছে৷