ডিজিটেল ডেস্কঃ ২০ মাহৰ পিছত কংগনা ৰাণাৱটে পুনৰ টুইটাৰলৈ ঘূৰি আহিছে৷ পুনৰ টুইট কৰা আৰম্ভ হৈছে৷ 'পাঠান'ৰ মুক্তিৰ দিনাই প্ৰথমবাৰৰ বাবে তেওঁক বিস্ফোৰক এটা টুইট কৰে।
তেওঁ টুইট কৰি লিখিছে- "এই ইণ্ডাষ্ট্ৰিটো মূৰ্খৰ ঠাই। ইয়াত লেতেৰাৰ বাহিৰে আন একো নাই। এখন চিনেমা কিমান ভাল, ইয়াক ধনৰ হিচাপত জোখা হয়। তেন্তে শিল্পৰ আৰু কি প্ৰয়োজন? পুতৌ হৈছে৷’’
কংগনাই বক্স অফিচৰ লাভ আৰু লোকচানৰ সৈতে উদ্যোগটোত চলচ্চিত্ৰৰ বিচাৰ কৰাৰ প্ৰৱণতাৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁ অৱশ্যে 'পাঠান' ভাল নে বেয়া সেই সন্দৰ্ভত ব্যক্তিগত মতামত দিয়া নাই৷
উল্লেখ্য যে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত তেওঁৰ ঘৃণামূলক ভাষণৰ বাবে একাধিকবাৰ বিতৰ্কৰ মাজলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে বাৰে বাৰে টুইটাৰৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ২০২১ চনৰ মে মাহত কংগনা ৰাণাৱটৰ টুইটাৰ একাউণ্ট নিষিদ্ধ কৰা হৈছিল। এতিয়া পুনৰ ঘূৰি আহিছে কুইন কংকনা৷
Leave A Comment