comScore
  • বলিউডত আভিজাত্যৰ প্ৰতীক ভেনিটি ভান! কংগনা ৰানাৱটে ব্যৱহাৰ কৰে আটাইতকৈ ব্যয়বহুল ভেনিটি ভান, দাম কিমান?

    মনোৰঞ্জন
    বলিউডত আভিজাত্যৰ প্ৰতীক ভেনিটি ভান! কংগনা ৰানাৱটে ব্যৱহাৰ কৰে আটাইতকৈ ব্যয়বহুল ভেনিটি ভান, দাম কিমান?
    ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰায় সকলো তাৰকাই আৰাম, সুবিধা, মেক আপ আৰু সুৰক্ষাৰ বাবে শ্বুটিং স্পটত নিজাকৈ মোবাইল কেবিন বা ভেনিটি ভ্যান ব্যৱহাৰ কৰে। আভিজাত্যৰ যুঁজো চলি থাকে এই ভেনিটি ভানক লৈ। অভিনেত্ৰী কংগনা ৰানাৱটে ব্যৱহাৰ কৰা ভেনিটি ভ্যানখন বৰ্তমান বলিউডৰ আটাইতকৈ দামী। কংগনাৰ ভেনিটি ভানখনৰ মূল্য প্ৰায় ৬৫ ​​লাখ টকা।

    এই ভেনিটি ভ্যানখন কেতন ৰাভালে নিৰ্মাণ কৰিছে। কেৱল কংগনাই নহয় আন বহু অভিনেতা, আম্বানী পৰিয়ালৰ সদস্যইও কেতনে নিৰ্মাণ কৰা ভেনিটি ভ্যান ব্যৱহাৰ কৰে। আনকি মুম্বাই আৰক্ষীয়েও এই ভান ব্যৱহাৰ কৰে।

    কেতনে কয়, “কংগনাই তাইৰ ভেনিটি ভ্যানক ভিনটেজ লুক দিব বিচাৰিছিল। তেওঁৰ ঘৰৰ ডিজাইনৰ দৰেই সজাব বিচাৰিছিল। তাত থাকিব চোফা, মিহি কাঠৰ খোদিত চকী। আমি বিচাৰিছিলো যে তেওঁ ভেনিটি ভ্যানত ঘৰত থকাৰ দৰে অনুভৱ কৰক।”

    কেতনে লগতে কয় যে কংগনাই ভ্যানত থকা শৌচাগাৰত ব্যৱহাৰ কৰা জেট স্প্ৰে’টো কোন সংস্থাৰ হ’ব সেই বিষয়েও তেওঁলোকক জনাইছিল। কংগনাই কেতনৰ ভেনিটি ভ্যানখন ভাল পায়। সকলো সময়তে ব্যৱহাৰ কৰে। অৱশ্যে কেতনে কয় যে কংগনাৰ মন অনুযায়ী ব্যৱস্থা কৰিবলৈ ৬৫ লাখ টকা খৰচ কৰা হৈছে!

    ২০১৬ চনত নেহা ধুপিয়াৰ ‘নো ফিল্টাৰ উইথ নেহা’ অনুষ্ঠানলৈ আহি কংগনাই কয় যে তেওঁলোকে অৰুণাচল প্ৰদেশৰ এটা দুৰ্গম অঞ্চলত 'ৰেংগুন’ ছৱিৰ শ্বুটিং কৰি থাকোতে কাষত ৰেষ্টুৰেণ্ট নাছিল। জিৰণি ল’বলৈ ঠাই নাছিল। সেয়ে ৰাস্তাৰ কাষতে প্ৰস্ৰাৱ কৰিবলগীয়া হৈছিল। ভেনিটি ভ্যানে এনে দুৰ্দশা দূৰ কৰিছে।