comScore
  • ''ৰাজনীতিৰ পৰা আঁতৰি থাকক’’! 'পাঠান’ৰ সফলতাৰ পাছতে মায়ানগৰীক এই সকিয়নী দিলে কংগনা ৰাণাৱটে, কি ক’লে তেওঁ?

    মনোৰঞ্জন
    ''ৰাজনীতিৰ পৰা আঁতৰি থাকক’’! 'পাঠান’ৰ সফলতাৰ পাছতে মায়ানগৰীক এই সকিয়নী দিলে কংগনা ৰাণাৱটে, কি ক’লে তেওঁ?
    ডিজিটেল ডেস্কঃ 'পাঠান'ৰ ব্যৱসায়িক সফলতাৰ লগে লগে যেন পুনৰ ঘূৰি আহিছে বলীউডৰ সোণালী দিন। আনহাতে পুনৰ টুইটাৰলৈ উভটি আহিছে কংগনা ৰানাৱটো! ইটোৰ পাছত সিটোকৈ টুইট কৰি পুনৰ শিৰোনামাত আছে 'কুইন’। 

    শেহতীয়া টুইটৰ জৰিয়তে কংগনাই যোৱা দহ বছৰৰ ভিতৰত ‘পাঠান’ক শ্ৰেষ্ঠ ছবি বুলি মতামত প্ৰকাশ কৰিছে। কিন্তু একে সময়তে তেওঁ বলীউডক আক্ৰমণ কৰিবলৈও এৰা নাই।

    ‘পাঠান’ৰ সফলতাত সমগ্ৰ বলীউড সুখী। কৰণ জোহৰৰ পৰা আলিয়া ভাটলৈ — সকলোৱে একমত যে "পাথানৰ বক্স অফিচৰ সফলতা ঘৃণাৰ ওপৰত প্ৰেমৰ জয়।"

    তেওঁলোকৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে নাম নোলোৱাকৈয়ে কংগনাই  প্ৰশ্ন উত্থাপন কৰিছে- কোনে ঘৃণা কৰে আৰু কোনে প্ৰেম কৰে? কংগনাই সকীয়াই দিয়ে যাতে কোনোৱে যাতে এনেধৰণে পুনৰ কথা নকয়!

    তেওঁ টুইট কৰি কয়, ‘বলিউডৰ লোকসকল! মই আপোনালোকক কওঁ, আপোনালোকৰ তত্ত্ববোৰ নিজৰ মাজতে ৰাখক। আপোনাৰ ছবিখন হিট, সেইটো বৰ ভাল। সুখী হৈ থাকক যদি মই আপোনালোকক ক্লাছ ল’বলৈ আৰম্ভ কৰো, তেন্তে কথা বৰ ভাল নহ’ব। ৰাজনীতিৰ পৰা আঁতৰি থাকক।”

    শুকুৰবাৰে কংগনাই ‘পাঠান’ৰ নাম সলনি কৰিবলৈও দাবী জনায়। তেওঁ কয়, "৮০ শতাংশ হিন্দু ভাৰতত বাস কৰে। ছবিখনৰ নাম কেৱল ‘পাঠান’ কিয়? নামটো হ’ব লাগে ‘ভাৰতীয় পাঠান’। এই ছবিখনত শত্ৰু দেশ পাকিস্তান আৰু পাক চোৰাংচোৱা সংস্থাৰ ইতিবাচক দিশবোৰ দেখুওৱা হৈছে। ঘৃণাক অতিক্ৰম কৰা ভাৰতৰ এই মনোভাৱেই ইয়াক মহান কৰি তোলে।''