comScore
  • কংগনাৰ কাণ্ডঃ সামাজিক মাধ্যমত পশ্চিমীয়া পোছাকৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি পুনৰ নিজেই পিন্ধিলে পশ্চিমীয়া পোছাক

    মনোৰঞ্জন
    কংগনাৰ কাণ্ডঃ সামাজিক মাধ্যমত পশ্চিমীয়া পোছাকৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি পুনৰ নিজেই পিন্ধিলে পশ্চিমীয়া পোছাক
    ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰানাৱটে ছ’চিয়েল মিডিয়াত পশ্চিমীয়া পোছাকৰ বিষয়ে সমালোচনাত্মকভাৱে লিখি আহিছে। তেওঁৰ লেখা দেখাৰ পিছতে অনুৰাগীসকলে ভাবিছিল যে কংগনাক আৰু কেতিয়াও পশ্চিমীয়া পোছাকত দেখা পোৱা নাযায়। কিন্তু কিছুদিনৰ ভিতৰতে নায়িকা সলনি হ’ল। ‘টিকু ৱেডছ শ্বেৰু’ ছবিখনৰ সফলতা পাৰ্টিত অভিনেত্ৰীগৰাকীয়ে পশ্চিমীয়া সাজ-পোছাক পিন্ধি চকু কপালত তুলিলে। অভিনেত্ৰীগৰাকীয়ে নিজেই এই ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

    কংগনাই পিন্ধিছে অফ শ্বোল্ডাৰ কমলা ৰঙৰ ড্ৰেছ। পোছাকৰ উজ্জ্বল ৰংবোৰ পাৰ্টিৰ আমেজৰ লগত একেবাৰে মিলি যায়। বহু অনুৰাগীৰ মনত আছে কংগনাৰ সাজ-পোছাক ক্লিয়াৰ বাষ্ট, হাই পনিটেইল, গোল্ড পেণ্ডেণ্ট, গোল্ড ৰঙৰ হিল।

    কিছুদিন পূৰ্বে কংগনাই লিখিছিল, ‘পাশ্চাত্যৰ ফেশ্বন ব্ৰেণ্ডে কেৱল কাপোৰ-কানি আৰু বেগ পঠিয়াই আমাক বিনামূলীয়াকৈ কাম কৰিবলৈ বাধ্য কৰে। তেওঁলোকে আমাৰ সংস্কৃতি আৰু সভ্যতাৰ ক্ষতি কৰিছে। মই আৰু কেতিয়াও বিমানবন্দৰত পশ্চিমীয়া কাপোৰ নিপিন্ধো।’’

    কিন্তু তাৰপাছতে কংগনাই এইদৰে পশ্চিমীয়া সাজত পুনৰ আবিৰ্ভাৱ হোৱা দেখি স্বাভাৱিকতে নেটিজেনসকলৰ মাজত তীব্ৰ চৰ্চা চলিছে।