comScore
  • কপিল শৰ্মাৰ কমেডি শ্ব’ত অংশগ্ৰহণ কৰিব নেকি প্ৰধানমন্ত্ৰী মোদীয়ে? কি ক’লে জনপ্ৰিয় কমেডিয়ানজনে?

    মনোৰঞ্জন
    কপিল শৰ্মাৰ কমেডি শ্ব’ত অংশগ্ৰহণ কৰিব নেকি প্ৰধানমন্ত্ৰী মোদীয়ে? কি ক’লে জনপ্ৰিয় কমেডিয়ানজনে?
    ডিজিটেল ডেস্কঃ কপিল শৰ্মাই মানুহক যিমান হঁহুৱাই, বিতৰ্কতো সিমানেই পাকৈত। বহুবাৰ বহু বিতৰ্কিত মন্তব্যৰ সৈতে জড়িত হৈ পৰিছে কপিল। তেনেধৰণৰ এটা কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে।

    এবাৰ কপিল শৰ্মাই মদ্যপান কৰি টুইট কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেগ কৰি কপিলে লিখে- ''মই যোৱা ৫ বছৰ ধৰি ১৫ কোটি টকা আয়কৰ দি আহিছো। তাৰ পিছতো মই মোৰ কাৰ্যালয় নিৰ্মাণৰ বাবে মুম্বাই পৌৰসভাক ৫ লাখ টকাৰ উৎকোচ দিবলগীয়া হয়। এইটোৱে আপোনাৰ ভাল দিনৰ উদাহৰণ নেকি?''

    মদ্যপান কৰি প্ৰধানমন্ত্ৰীক গালি-গালাজভৰা টুইটে কমেডিয়ানগৰাকীয়ে। কিন্তু সেই ঘটনা এতিয়া অতীত। তেওঁৰ শ্ব’ত এবাৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিল। নৰেন্দ্ৰ মোদীয়ে এই আমন্ত্ৰণৰ উত্তৰস্বৰূপে কপিলক কি ক’লে জানি আপুনি হয়তো আচৰিত হ’ব।

    কপিলৰ নতুন ছবি ‘জিগাটো’ শীঘ্ৰে মুক্তি পাব। এই ছবিখনৰ প্ৰচাৰৰ সময়ত এক সাক্ষাৎকাৰত কপিলে প্ৰধানমন্ত্ৰীক তেওঁৰ অনুষ্ঠানলৈ আহিবলৈ আমন্ত্ৰণ জনায়।

    কপিলে কয়- ''মই ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনাইছিলো। তেওঁ উত্তৰ দিলে যে তেওঁৰ বিৰোধীয়ে কমখন ধেমালি কৰি থকা নাই, মই আন এবাৰ মোৰ অনুষ্ঠানত দেখা দিব।’’

    নন্দিতা দাসৰ পৰিচালনাত কপিলক দেখা যাব ছাহানা গোস্বামীৰ বিপৰীতে 'জ্জিগাট’ত। ইতিমধ্যে ছবিখনে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ভ্ৰমণ কৰিছে। ১৭ মাৰ্চত ভাৰতত মুক্তি পাব।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388