ডিজিটেল ডেস্কঃ উচ্চতা ৫ ফুট ৮ ইঞ্চি, চিকুণ মুখ, গাখীৰৰ দৰে মসৃণ ছাল, বিদেশীনী কিন্তু তেওঁ এতিয়া এই দেশৰ নায়িকা। কেটৰিনা কাইফ হৈছে বলিউডৰ ‘বাৰ্বি ডল’। দেওবাৰে নায়িকাগৰাকীয়ে ভৰি থয় ৪০ বছৰ বয়সত। বিয়াৰ পিছত এয়া তেওঁৰ দ্বিতীয় জন্মদিন। বয়স বঢ়াৰ লগে লগে অধিক মোহময়ী হৈ আহিছে কেটৰিনা। কিন্তু এই ৰূপৰ ৰহস্যৰ আঁৰত কি?
কেটৰিনা খাদ্যৰ প্ৰতি অত্যন্ত সচেতন। ৰাতিপুৱা খালী পেটত আঠটা ভিজা কিচমিচ খাই দিনটোৰ আৰম্ভণি কৰে নায়িকাগৰাকীয়ে। কিচমিচ খালে হজম শক্তি উন্নত হয়। ওজন নিয়ন্ত্ৰণৰ বাবে ভাল হজম হোৱাটো গুৰুত্বপূৰ্ণ। সেইবাবেই কেটৰিনাই ৰাতি তিয়াই থোৱা কিচমিচ খায়।
কেটৰিনাই চূপ বা তৰকাৰী খোৱাতকৈ কেঁচা সেউজীয়া আৰু শাক-পাচলিৰ ৰস খোৱাত বিশ্বাস কৰে। গতিকে তেওঁ প্ৰতিদিনে বিভিন্ন ধৰণৰ শাক-পাচলিৰ ৰস খায়। কেতিয়াবা পালেং শাক সেই তালিকাত থাকে, কেতিয়াবা গাজৰ।
দিনটোত দুবাৰকৈ গধুৰ আহাৰ খায় কেটৰিনাই। ঘৰতে প্ৰস্তুত কৰা খাদ্য খায় ভাল পায় তেওঁ। বিশেষকৈ সাগৰীয় মাছ প্ৰিয় তেওঁৰ। ইয়াৰ বাহিৰেও এভোকেডো চালাড, কুইনোয়া পেনকেক, লেটুচ ৰেপ তেওঁৰ প্ৰিয়।
কেটৰিনাৰ তৰল খাদ্যৰ প্ৰতি অহৰহ প্ৰৱণতা আছে। গতিকে শ্বুটিং হ’লে ষ্টু আৰু চূপ তেওঁৰ অন্যতম সংগী। কিন্তু চিকেন চূপ নহয়। ডাল আৰু ব্ৰকলিৰ সৈতে চূপ নায়িকাৰ প্ৰিয়। কাৰণ, ব্ৰকলিত আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰৰ বিঘিনি কম হয়।
Leave A Comment