ডিজিটেল ডেস্কঃ জয়ছালমেৰত বিয়া পাতিছে সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে। বিবাহৰ বাবে তেওঁলোকৰ বৰ্তমান ঠিকনা হৈছে মৰুভূমিৰ চহৰখনৰ সূৰ্য্যগড় প্ৰাসাদ নামৰ এটা বিলাসী ৰাজপ্ৰাসাদ। পোহৰেৰে সজাই তোলা হৈছে ৰাজপ্ৰাসাদটো। কিন্তু বিয়াৰ পাছত ক’ত থাকিব বলিউডৰ তাৰকা দম্পত্তিহাল?
শুনা গৈছে যে সিদ্ধাৰ্থই ইতিমধ্যে মায়ানগৰী মুম্বাইত বাসস্থানৰ সন্ধান আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত ৭০ কোটি টকাৰ এটা বাংলোৰ বাবে আগ্ৰহী তেওঁ। কিনিব বিচাৰিছে সাগৰৰ পাৰত থকা বাংলোটো।
উল্লেখ্য যে সিদ্ধাৰ্থ মালহোত্ৰাৰ জন্ম দিল্লীত। অভিনয় জগতত প্ৰৱেশ কৰাৰ পিছৰে পৰা তেওঁ মুম্বাইত বাস কৰি আহিছে। বৰ্তমান তেওঁৰ ঠিকনা বান্দ্ৰাৰ এটা বাংলো। সেই ঘৰৰ পৰা আৰব সাগৰ দেখা যায়।
কিন্তু এতিয়া বিয়াৰ পিছত এটা ডাঙৰ বাংলোত সংসাৰ কৰিব বিচাৰে। এই ইচ্ছা প্ৰকাশ কৰিছে কিয়াৰাই নিজে।
Leave A Comment