ডিজিটেল ডেস্কঃ মাধুৰী দীক্ষিতৰ মাতৃ স্নেহলাতা দীক্ষিতৰ মৃত্যু হৈছে। ১২ মাৰ্চ দেওবাৰে পুৱা শেষ উশাহ লয় অভিনেত্ৰীগৰাকীৰ মাতৃয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।
দেওবাৰে বিয়লি ৩ বজাত মুম্বাইৰ ৱৰ্লি শ্মশানত তেওঁৰ সৎকাৰ কৰা হয়। পৰিয়ালৰ সূত্ৰ অনুসৰি, বাৰ্ধক্যৰ বাবেই স্নেহালতাৰ মৃত্যু হয়।
মাতৃক হেৰুৱাই মাধুৰী মৰ্মাহত হৈ পৰিছে৷ মাধুৰী দীক্ষিত আৰু তেওঁৰ স্বামী শ্ৰীৰাম নেনে এক যৌথ বিবৃতিত কয়- ‘‘আমাৰ মৰমৰ আই স্নেহলাতা দীক্ষিত আজি পুৱা আপোনজনে ঘেৰি থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।’’
উল্লেখ্য যে অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰৰ প্ৰথম দিনৰে পৰাই আছিল মাতৃ স্নেহলাতা দেৱী তেওঁৰ ছাঁয়া সংগী। শ্বুটিং চেটত সকলো সময়তে মাধুৰীক মাকৰ স’তেই দেখা গৈছিল৷
মন কৰিবলগীয়া যে যোৱা বছৰ জুন মাহত মাধুৰীয়ে মাতৃৰ জন্মদিনটো অতি ধুমধামেৰে পালন কৰিছিল। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছিল- “হেপি বাৰ্থডে আই। সকলোৱে কয়, এগৰাকী মাতৃৰ বেষ্ট ফ্ৰেণ্ড তাইৰ ছোৱালী। তুমি মোৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ। দীৰ্ঘায়ু কামনা কৰিছো।''
কিন্তু নতুন বছৰৰ আৰম্ভণিতে মাতৃক হেৰুৱালে অভিনেত্ৰীগৰাকীয়ে। এতিয়া মাধুৰীৰ দুগৰাকী ডাঙৰ ভনীয়েক আৰু এজন ডাঙৰ ভাই আছে। ২০১৩ চনত ৯১ বছৰ বয়সত তেওঁলোকৰ পিতৃৰ মৃত্যু হৈছিল।
Leave A Comment