ডিজিটেল ডেস্কঃ বিগত দুমাহ ধৰি মণিপুৰত জাতিগত হিংসাৰ সৃষ্টি হৈছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পেজত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত দেখা গৈছে যে ৰাজপথত মহিলাক উলংগ কৰি কাপোৰ ফালি পেলোৱা হৈছে। লগতে মহিলা দুগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই।
ভাইৰেল ভিডিঅ’টো দেখাৰ লগে লগে বলীউডৰ তাৰকা অক্ষয় কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অলপতে অক্ষয়ে ছ’চিয়েল মিডিয়া পেজত এটা টুইট কৰি মণিপুৰৰ হিংসা বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। সেই টুইটত অভিনেতাগৰাকীয়ে লিখিছে, "মণিপুৰত মহিলাৰ ওপৰত এনে বৰ্বৰতা দেখি মই স্তম্ভিত হৈ পৰিছো। আশাকৰোঁ, দোষীক কঠোৰ শাস্তি আৰু আদৰ্শগতভাৱে দিয়া হ’ব, যাতে ভৱিষ্যতে কোনেও এনে কাম পুনৰ কেতিয়াও কৰাৰ কথা নাভাবিব।”
পৰিচালক বিবেক অগ্নিহোত্ৰী, অভিনেতা সোণু ছুদ, অভিনেত্ৰী কিয়াৰা আদৱানীয়েও ছ’চিয়েল মিডিয়া পেজত যোগদান কৰিছে। এটা দীঘলিয়া টুইটেৰে অগ্নিহোত্ৰীয়ে লিখিছে যে জীৱনৰ অধিকাৰ হেৰাই গৈছে। সোণু ছুদ আৰু কিয়াৰা আদৱনীয়ে অতি সোনকালে মণিপুৰৰ হিংসাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।
Leave A Comment