comScore
  • মাৰাঠা মন্দিৰত প্ৰদৰ্শন কৰা হ’ব 'পাঠান’! বলিউডৰ বাদশ্বাহৰ বিতৰ্কিত ছৱি প্ৰদৰ্শন কৰিবলৈ উলোৱা এই মন্দিৰটো ক’ত আছে?

    মনোৰঞ্জন
    মাৰাঠা মন্দিৰত প্ৰদৰ্শন কৰা হ’ব 'পাঠান’! বলিউডৰ বাদশ্বাহৰ বিতৰ্কিত ছৱি প্ৰদৰ্শন কৰিবলৈ উলোৱা এই মন্দিৰটো ক’ত আছে?
    ডিজিটেল ডেস্কঃ মন্দিৰত দেখুওৱা হ’ব শ্বাহৰুখৰ 'পাঠান’! গেৰুৱা বিকিনিক লৈ হিন্দুত্ববাদীসকলে প্ৰতিবাদ কৰি আহিলেও মুম্বাইৰ মাৰাঠা মন্দিৰত প্ৰদৰ্শন কৰা হ’ব 'পাঠান’।

    কিন্তু মাৰাঠা মন্দিৰ তথাকথিত মন্দিৰ নহয়, এটা চিনেমা হলৰ নামহে! মাৰাঠা মন্দিৰ হৈছে ৬০ বছৰতকৈও অধিক পুৰণি চিনেমা হল। মুম্বাইৰ অন্যতম জনপ্ৰিয় পৰ্যটন স্থান। 

    শ্বাহৰুখ অনুৰাগীৰ বাবে এই চিনেমাহল এক প্ৰকাৰৰ তীৰ্থযাত্ৰা। ইয়াৰ কাৰণ হৈছে ১৯৯৫ চনৰ পৰা এই মাৰাঠা মন্দিৰতে শ্বাহৰুখ খানৰ  'দিলৱালে দুলহনিয়া লে জায়েংগে’ আজিও প্ৰদৰ্শিত হৈ আছে। যোৱা ২৮ বছৰধৰি চিনেমাখন চলি আছে।

    প্ৰতিদিনে নিশা ১১:৩০ বজাত শ্বাহৰুখৰ অনুৰাগীসকলে দিলৱালে দুলহনিয়া লে জায়েংগে চাবলৈ শ্ব’টোত ভিৰ কৰে। এইবাৰ মাৰাঠা মন্দিৰৰ সেই ‘দিলৱালে দুলহনিয়া লে জায়েংগে’ৰ কাষতে আন এখন ছবিৰ পোষ্টাৰ দেখা গ’ল। ছবিখনৰ নাম 'পাঠান’।

    মাৰাঠা মন্দিৰত প্ৰদৰ্শন হ’ব 'পাঠান’। বলীউডৰ ‘বদশা’ৰ মেনেজাৰ পূজা দাদলানীয়ে ছ’চিয়েল মিডিয়াত এখন ফটো পোষ্ট কৰি অনুৰাগীসকলক এই কথা জনাইছে।